অসম

ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : বিগত প্ৰায় অৰ্ধ শতিকাৰো অধিক কাল ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অজনজাতীয় নাগৰিকসকল ৰাজনৈতিকভাবে জনপ্ৰতিনিধিত্বৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। বিধানসভা সমষ্টিটোৰ অজনজাতীয় ৰাইজে প্ৰায় ৫৮ বছৰ ধৰি জনপ্ৰতিনিধিত্বৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা এই অবৈধ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ দেওবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় সমষ্টিটোৰ ঘিলামৰাত।

ঘিলামৰা কৃষ্টি ভৱন প্রাংগনৰ সমীপৰ ই লাইব্ৰেৰীত ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণ মুক্ত দাবী সমিতিৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয়।  দাবী সমিতিৰ সভাপতি বিশ্ব নাথ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চুছেন গগৈয়ে । সমষ্টিটোৰ ঢকুৱাখনা ,ঘিলামৰা আৰু বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ২৪ টা সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত স্বাধীকাৰ আৰু জনপ্ৰতিনিধিত্বৰ অধিকাৰ আজুৰি আনিবলৈ সংকল্প গ্ৰহণ কৰি বিভিন্ন বক্তাই বক্তব্য আগবঢ়ায়।

সভাত বিধানসভা সমষ্টিটো অসাংবিধানিকভাবে অনুসূচীত জনজাতিৰ বাবে অৰ্ধ শতিকাৰো অধিক কাল সংৰক্ষিত কৰি ৰখাৰ তীব্ৰ বিৰোধিতা কৰি এই নীতি বিৰুদ্ধ সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা অজনজাতীয় নাগৰিকৰ অধিকাৰ খৰ্ব কৰা কাৰ্যৰ বিৰুদ্ধে পৰিকল্পিত আৰু প্ৰণালীবদ্ধ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনোৱা হয় । সভাত  সদৌ তাই আহোম ছাত্ৰ সন্থা ("আটাচু")ৰ কেন্দ্ৰীয় উপ সভাপতি অচ্যুত বৰগোঁহাইয়ে  বক্তব্য ৰাখি সমষ্টিটোৰ অজনজাতীয় ৰাইজৰ প্ৰাপ্য সাংবিধানিক অধিকাৰৰ পৰা বিগত ৫ দশকৰো অধিক কাল বঞ্চিত হৈ আহিছে বুলি কয় ।

কোনো জনগোষ্ঠীৰ সুবিধা লাভৰ নামত যাতে অজনজাতি নাগৰিকৰ স্বাধীকাৰ  খৰ্ব কৰিব নোৱাৰে তাৰ প্ৰতি সদা সতৰ্ক হোৱাৰ আহ্বান জনায়। ছাত্ৰ নেতা গৰাকীয়ে আনৰ অধিকাৰ সাব্যস্ত কৰাৰ নামত যাতে আমাৰ অধিকাৰ খৰ্ব নহয় তাৰ প্ৰতি আমি সতৰ্ক আৰু সচেতন হোৱা উচিত বুলি মন্তব্য কৰে ।

তেওঁ তাৰ বাবে সুসংগঠিত হৈ পৰিকল্পিতভাবে আগুৱাই যোৱাৰ পৰামৰ্শ দিয়ে । সভাত তাই যুৱ ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতিৰ উপদেষ্টা ৰাতুল বৰুৱায়ো বক্তব্য ৰাখে। সভাত আৰক্ষণ মুক্ত দাবী সমিতিৰ উপদেষ্টা ভদ্ৰ গগৈয়ে বিগত ৫৮ বছৰে সমষ্টিটোত অজনজাতি সকল আঁঠু কাঢ়ি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে জীয়াই থকা বুলি কৈ সমষ্টিটোৰ  ২৪ টা সংগঠনৰ যৌথ মঞ্চৰ এই সংগ্ৰামী যাত্ৰাৰে সংৰক্ষিত সমষ্টিটোক আৰক্ষণ মুক্ত কৰাৰ বাবে কৰা এই সামূহিক স্বাৰ্থজনিত  গণতান্ত্ৰিক যুদ্ধৰে প্ৰাপ্য সাংবিধানিক অধিকাৰ আজুৰি অনাত দল মত নিৰ্বিশেষে মনোনিবেশ কৰাৰ আহ্বান জনায়।

সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু কেইটা সংগঠনৰ নেতৃত্বৰ লগতে দমৰ বাহাদুৰ ছেত্ৰী , গুণ বৰা , বিনয় গোঁহাই , গোবিন বৰুৱা , ললিত দাস আদিয়েও  বক্তব্য আগবঢ়োৱাৰ অন্তত কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।