অসমীয়া সাহিত্যক আন্তৰ্জাতিক বজাৰলৈ নিয়াৰ প্ৰয়াসঃ A Fistful of Moonlight  উন্মোচন...
অসমীয়া সাহিত্যক আন্তৰ্জাতিক বজাৰলৈ নিয়াৰ প্ৰয়াসঃ A Fistful of Moonlight উন্মোচন...  
অসম

অসমীয়া সাহিত্যক আন্তৰ্জাতিক বজাৰলৈ নিয়াৰ প্ৰয়াসঃ A Fistful of Moonlight উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ অসমীয়া সাহিত্যৰ শেহতীয়া সৃষ্টিৰাজি বিশ্বৰ পাঠক সমাজৰ হাতত তুলি দিয়াৰ এটা প্ৰয়াসে আজি এক বাস্তৱ ৰূপ পালে A Fistful of Moonlight নামৰ গ্ৰন্থৰ জড়িয়তে। বৃটিছ কাউন্সিলৰ আনটল্ডৰ সহযোগত সৰ্ব ভাৰতীয় প্ৰকাশন প্ৰতিষ্ঠান বী বুকছৰ উদ্যোগত অসমীয়া গল্পৰ ইংৰাজী অনুবাদৰ এক সংকলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা প্ৰেক্ষাগৃহত মুকলি কৰা হয়।

এই উপলক্ষে বৃটিছ কাউন্সিলৰ আনটল্ডৰ বিষয়া লুচি হান্নানে কয় যে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সৃষ্টিৰাজি ইংৰাজী ভাষাৰ জড়িয়তে বিশ্বৰ সকলো শ্ৰেণীৰ পাঠকৰ বোধগম্য হোৱাকৈ আগবঢ়াই দিয়াই আছিল এই প্ৰকল্পৰ মূল উদ্দেশ্য। আফগানিস্তানৰ সাহিত্যৰ ক্ষেত্ৰখনত চলোৱা এনে প্ৰয়াসৰ সফলতাৰ অন্তত এইবাৰ অসমীয়া সাহিত্যক লৈ এই প্ৰয়াস চলোৱা বুলি তেওঁ উল্লেখ কৰে।

এই প্ৰকল্পই সৰ্বজনৰ দ্বাৰা সমাদৃত হোৱাৰ লগতে ই অসমীয়া সাহিত্যৰ লেখক তথা অনুবাদকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। বী বুকছ প্ৰকাশন গোষ্ঠীৰ হৈ ৰোহন সেনে এই প্ৰকল্পৰ আৰত এটা বছৰৰ কঠোৰ পৰিশ্ৰম নিহিত হৈ থকা বুলি উল্লেখ কৰে।

বিভিন্ন জনৰ পৰামৰ্শৰ অন্তত বাচি উলিওৱা এই গল্পসমূহ উপযুক্ত অৰ্হতা সম্পন্ন লোকৰ দ্বাৰা সম্পাদনা কৰাৰ লগতে সঠিক ভাৱে অনুবাদ কৰি সাজু কৰি তোলা আদি প্ৰক্ৰিয়াত লেখক তথা অনুবাদকসকল নিসন্দেহে উপকৃত হৈছিল।

অসমীয়া সাহিত্যৰ বাবে অভিনৱ এই প্ৰকল্পৰ সৈতে নিবিড়ভাৱে জড়িত জনপ্ৰিয় লেখক তথা সমালোচক মিত্ৰা ফুকনে অসমীয়া সাহিত্যত সম্পাদনাৰ বিষয়টোত এই প্ৰকল্পই বিশেষ ভাৱে সহায় কৰিব বুলি কয়।

জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীকে ধৰি হৰেকৃষ্ণ ডেকা, পূৰবী বৰমুদৈ, ইমৰান হুছেইনৰ দৰে চিনাকি গল্পকাৰৰ উপৰিও জুৰি বৰুৱা, মনস্বীনি মহন্ত, বিকাশ দিহিঙিয়া মাধুৰীমা বৰুৱা, জিণ্টু গীতাৰ্থ, নীলোৎপল বৰুৱা, দেৱাশীষ বুঢ়াগোহাঁই, আশামনি নেওগ, বিনু দাস, আৰু নীৰুজা বৰা আদি লেখকৰ গল্পৰ ইংৰাজী অনুবাদ A Fistful of Moonlight গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে।

অসমীয়াতে লেখা এই গল্পসমূহ ইংৰাজী ভাষালৈ অনুবাদ কৰিছে মিত্ৰা ফুকন, হৰ্ষিতা বিয়া, ছৈয়দা ছাহীন জিন্না, ৰশ্মী বৰুৱা আৰু গায়ত্ৰী ভট্টাচাৰ্যই। গ্ৰন্থ মুকলিৰ পিছতে লেখক আৰু অনুবাদক সকলৰ অভিজ্ঞতা আদিক লৈ মত বিনিময় কৰা হয়।

দেশৰ প্ৰখ্যাত অনুবাদক অৰুণাভ সিনহা, মিত্ৰা ফুকন আৰু লুচি হান্নানে সম্পাদনা কৰা A Fistful of Moonlight আন্তৰ্জাতিক বজাৰৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰে বৃটিছ কাউন্সিলৰ আনটল্ডৰ বিষয়া লুচি হান্নানে।