অসম

আৰক্ষীৰ জালত গেং অফ ডেভিলছৰ ১১ জন সদস্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: অৱশেষত আৰক্ষীৰ জালত ধৰা পৰিছে গেং অফ ডেভিলছৰ ৯ গৰাকীকৈ সদস্য।গেং অফ ডেভিলছক লৈ আজিও উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য।

উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰত ধুবুৰীৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যখাতা ঘোষপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল।'গেং অৱ ডেভিল' বুলি আত্ম পৰিচয় প্ৰদান কৰা মিনহাজ উল কৰিম ওৰফে ৰোহন(২২) নামৰ উদণ্ড বাইকাৰ্ছৰ খুন্দাত সূৰ্যখাতা প্ৰথম খণ্ড গাঁৱৰ ছাকিনা বেওয়া নামৰ এগৰাকী ৬৮ বছৰীয়া বৃদ্ধা মহিলা নিহত হয়।

তাৰ পাছতে বিলাসীপাৰা আৰক্ষীয়ে উদণ্ড বাইকাৰ্ছ মিনহাজ উল কৰিমক আটক কৰিছিল। কিন্তু উদণ্ড যুৱকৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্ৰহণ কৰাৰ বিপৰীতে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিৱ কুমাৰ দাসে যুৱকক তৎক্ষণাৎ এৰি দিয়ে।

কিন্তু পৰিতাপৰ বিষয় উদণ্ড যুৱকে আৰক্ষী থানাৰ পৰা মুকলি হৈ নৈশ তেওঁৰ বন্ধু আকিৰুল ইছলামৰ লগতে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুক লাইভ যোগে ভিডিঅ' আপলোড কৰি স্থানীয় আৰক্ষী থানাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছিল। লগতে বন্য উল্লাস প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া।

এইক্ষেত্ৰত আৰক্ষীয়ে যথেষ্ট তৎপৰ হৈ পৰে আৰু মঙলবাৰে বিলাসীপাৰা আৰক্ষী থানাত উপস্থিত হয় আই জি পি দিলীপ কুমাৰ দে। তেওঁ এই সন্দৰ্ভত আৰক্ষী থানাৰ বিষয়াৰ পৰা সবিশেষ পৰিস্থিতিৰ বুজ লয় আৰু ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিয়ে।

ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে ধুবুৰী আৰক্ষীয়ে জিলাখনৰ ভিন ভিন ঠাইৰ পৰা বাতৰি লিখাৰ পৰলৈকে শেহতীয়াকৈ ১১ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা তিনি গৰাকী মূল অভিযুক্ত সদস্য ক্ৰমে নুৰ নৱী. মিনহাজ উল কৰিম ওৰফে ৰোহন আৰু ছহিদুল বুলি আৰক্ষী অধীক্ষক অৰ্পনা নটোৰাজনে জনায়।

আৰক্ষীয়ে জব্দকৃত তিনিখন মটৰ ছাইকেল বিলাসীপাৰা আৰক্ষী থানাৰ চৌহদৰ ভীতৰতে যোৱা নিশা কোন দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি ভষ্মীভূত কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত আন এটা গোচৰ ৰুজু কৰি ইয়াৰ তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে এই ঘটনাৰ পৰিপেক্ষিতত তাৎক্ষণিক শাস্তিমূলকভাবে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসক বদলি কৰা হয়। আনহাতে এনে দানৱীয় ঘটনাৰ প্ৰতিবাদত আজি বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰৰ পাঠক সমাজে গ্ৰন্থাগাৰৰ সম্পাদক ড° হৰিচৰণ দাসৰ পৌৰহিত্যত এখন নাগৰিক সভাৰ আয়োজন কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

আৰু পঢ়ক: ৰাষ্ট্ৰীয় বয়শ্ৰী যোজনাৰ অধীনত ১১ সহস্ৰাধিক জেষ্ঠ নাগৰিকক সহায়ক সঁজুলি বিতৰণ