সুৰেণ মুছাহাৰী
সুৰেণ মুছাহাৰী 
অসম

'অসমীয়া প্ৰতিদিন' পঢ়িবলৈয়ে ১৮ কিঃমিঃ চাইকেল চলাই ৮০ বছৰীয়া সুৰেণ মুছাহাৰীয়ে

Asomiya Pratidin

ডিজিটেল সংবাদ গহপুৰঃ ১৮ কিলোমিটাৰ চাইকেলৰ পেডেল মাৰি "অসমীয়া প্ৰতিদিন" নিবলৈ আহে  ৮০ বছৰীয়া সুৰেণ মুছাহাৰী। অতি সাধাৰণভাবে জীৱন নিৰ্বাহ কৰি অহা সুৰেণ মুছাহাৰীৰ আছে "অসমীয়া প্ৰতিদিন" কাকত খনৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা আৰু মৰম।

অসমীয়া প্ৰতিদিনৰ প্ৰথম সংস্কৰণৰ পৰাই আজিলৈকে নিয়মিতভাবে কাকতখন ক্ৰয় কৰি পঢ়ি আহিছে সুৰেণ মুছাহাৰীয়ে। বৰষুণৰ বতৰত ছাঁটি লৈ হ'লেও চাইকেল চলাই গহপুৰ নগৰত উপস্থিত হোৱা সুৰেণ মুছাহাৰীয়ে স্থানীয় প্ৰতিবেদকৰ লগত অন্তৰংগ আলাপত "অসমীয়া প্ৰতিদিন"ৰ ওপৰত বহুকেইটা মন্তব্য আগবঢ়াই।

তেওঁ কয়- “সাম্প্ৰতিক সময় গণ মাধ্যমৰ যুগ। এনে অৱস্থাত বৈদ্যুতিন মাধ্যমকে ধৰি বিভিন্ন অত্যাধুনিক মাধ্যমে মানুহক আকৃষ্ট কৰি তুলিছে যদিও সংবাদ মাধ্যমৰ অন্যতম বাহক বাতৰি কাকতৰ গুৰুত্ব এতিয়াও হ্ৰাস পোৱা নাই। বিভিন্ন অত্যাধুনিক মাধ্যমে বাতৰি কাকতৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও এতিয়াও বহু লোকে এৰিব পৰা নাই বাতৰি কাকতখনৰ মোহ”।

লগতে তেওঁ কয়- নিৰ্ভীকতা, সাহসীকতা আৰু স্পষ্টবাদীতা ফুটি উঠা “অসমীয়া প্ৰতিদিনে” সদায় দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে মাত মাতি আহিছে। জীৱনৰ অন্তিম দিনলৈকে “অসমীয়া প্ৰতিদিন” তেওঁ পঢ়ি যাব বুলি মন্তব্য কৰে ।

তদুপৰি হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক ভূয়সী প্ৰশংসা কৰে সুৰেণ মুছাহাৰীয়ে।

একমাত্ৰ “অসমীয়া প্ৰতিদিন” কাকতখনৰ কাৰণে দৈনিক পুৱা ১৮ কিলোমিটাৰ চাইকেল চলোৱা সুৰেণ মুছাহাৰী সঁচাকৈয়ে আজিৰ প্ৰজন্মৰ বাবে আদৰ্শৰ চানেকি। নতুন বছৰৰ প্ৰাকক্ষণত অসমীয়া প্ৰতিদিনৰ ফালৰ পৰাওঁ তেওঁলৈ জনালো আন্তৰিক শুভকামনা।