অসম

চাইকেল চলাই ৯ দিনত ককা পালেগৈ বাংলাদেশ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : ৭৫ বছৰীয়া এজন ককাই পেদেল মাৰি মাৰি ৯ দিনত পালেগৈ বাংলাদেশ । বিশ্ব শান্তি আৰু জল সংৰক্ষণৰ সজাগতাৰ বাবে যোৰহাটৰ ন-আলিৰ নবীন চন্দ্ৰ দত্ত নামৰ ৭৫ বছৰীয়া ব্যক্তি গৰাকীয়ে যোৱা ১ মাৰ্চত যোৰহাটৰ পৰা বাংলাদেশলৈ আৰম্ভ কৰিছিল চাইকেল যাত্ৰা ।

হাতত চাৰি হাজাৰ টকা আৰু যাৱতীয় ভ্ৰমণ নথি লৈ নিজৰ চাইকেলখনৰে সত্তৰোৰ্দ্ধৰ ব্যক্তি গৰাকীয়ে আৰম্ভ কৰিছিল এই যাত্ৰা । যোৰহাটৰ পৰা নগাঁও পোৱাৰ পিছত তেওঁ লামডিং হৈ পাহাৰীয়া পথ অতিক্ৰমী ৯ দিনত উপস্থিত হৈছিলগৈ বাংলাদেশত । তাতে তেওঁ ঢাকা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি এখন আশ্ৰমত ১৩ দিন কটাই উভতি আহি সোমবাৰে নিশা উপস্থিত হয়হি মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱত ।

নগাঁৱত উপস্থিত হৈ বয়সক প্ৰশ্ৰয় দিব নোখোজা ব্যক্তি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিৱৰি ক'লে বাংলাদেশ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা । ৭৫ বছৰ বয়সত অকলে চাইকেল চলাই বাংলাদেশ ভ্ৰমন কৰা সময়ত দেশখনৰ নাগৰিকৰ আতিথ্যত অপ্লুত বুলি কয় নবীন চন্দ্ৰ দত্ত ৷