অসম

জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬ শিক্ষকৰ বিদায় সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬ শিক্ষকৰ বিদায় সভা। শনিবাৰে অৱসৰী শিক্ষাগুৰুৰ বিদায় সম্বৰ্দ্ধনা সভাখনি বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় ।

শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ খগেন্দ্ৰ নাথ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিদায়ী অধ্যক্ষ চূড়ামণি বৰঠাকুৰকে ধৰি সহকাৰী শিক্ষক‌‌‌ ক্ষীণেশ্বৰ বসুমতাৰী, মদন চন্দ্ৰ মুক্তিয়াৰ, চিদানন্দ বৰা, মাজান শইকীয়া আৰু মনীষা বৰাই আনুষ্ঠানিভাৱে অৱসৰ গ্ৰহণ কৰে। সভাত উক্ত ৬ শিক্ষকক শৰাই, গামোচা, অংগবস্ত্ৰ আৰু প্ৰসস্তি পত্ৰৰে বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।

শিক্ষক তথা নাট্যকাৰ বিৰাজ ভূষণ বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফনীধৰ হাজৰিকাই কয় মানুহ কৰ্মৰেহে জীয়াই থাকে। লগতে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অধ্যয়ন পুস্ত মন গঢ়ি তুলি জীৱনৰ বাট পোহৰাই তুলিবলৈ আহ্বান জনায়।

সভাত বিদায়ী শিক্ষকসকলৰ উপৰিও কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী,কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৱনীতা দলবৰুৱা, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিমেন ভূঞা, প্ৰাক্তন ছাত্ৰ তপন শইকীয়া, শিক্ষয়িত্ৰী কল্পনা মহন্ত বৰদলৈয়ে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে।

আৰম্ভণিতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অচ্যুত শইকীয়াই ব্যক্তিগতভাৱে বিদ্যালয়খনলৈ আগবঢ়োৱা ডিজিটেল ক্লাছ ৰূমটোৰ শুভ উদ্বোধন কৰে প্ৰাক্তন অধ্যক্ষ খগেন্দ্ৰ নাথ শৰ্মাই। উক্ত সভাতে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা তথা কিছু দিন পূৰ্বে মৃত্যুবৰণ কৰা বিদ্যালয়খনৰ কৰ্মচাৰী লোহিত শইকীয়াৰ পৰিয়ালক মৰণোত্তৰভাৱে বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।