অসম

বেবেজীয়া সাৰ্বজনীন গৰখীয়া থানৰ ৩০ বছৰীয়া দৌল উৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ ,বেবেজীয়া : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভ হৈছে । এক উৎসৱমুখৰ পৰিবেশত পুৱা পোৱাল চন্দ্ৰ নাথ,ধেনুৰাম নাথ, ধনীৰাম নাথ আৰু গোলাপ নাথৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ অন্তত গছপুলি ৰোপন কৰে ৰাজ্যিক কৃতী শিক্ষক লক্ষ্মী নাৰায়ণ বৰাই ।

ইয়াৰ পাছতে আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনি তথা গুৰু বাদ্য বাদনেৰে মুখৰিত পৰিবেশত পুৱা থানৰ ধৰ্মধ্বজা উত্তোলন কৰে সাৰ্বজনীন গৰখীয়া থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথে । ইয়াৰ পাছতে স্মৃতি তৰ্পন মুকলি কৰে অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া পুষ্পেন্দ্ৰ হাজৰিকাই ।

ৰাইজৰ শৰাই-সফুঁৰা-দান-বৰঙণি গ্ৰহণৰ অন্তত প্ৰয়াত সাধন চন্দ্ৰ নাথ আৰু হৰিন্দ্ৰী দেৱীৰ সোঁৱৰণত তোৰণ উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়াক শৰ্মাই কয় নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানখনিয়ে এক ঐতিহ্য বহন কৰি আহিছে । এই প্ৰাচীন থানখনি পৰ্যটনৰ ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো আগবাঢ়ি আহিব লাগিব ।

উল্লেখ্য যে ন মাটি জামুগুৰি পথত আকৰ্ষণীয় স্থায়ী তোৰণখনি প্ৰাক্তন আৰক্ষী বিষয়া মিলন চন্দ্ৰ নাথ আৰু পৰিয়াল বৰ্গই আগবঢ়াইছে । বিয়লি সাৰ্বজনীন গৰখীয়া থানৰ নৱ-নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট লেখক-সাহিত্যিক তথা অগ্নি আৰু আপদকালীন বিভাগৰ উপ সঞ্চালক নন্দ সিং বৰকলাই ।

ভাষণ প্ৰসংগত বৰকলাই কয় "সকলো ভাষাৰে আছে অভিধা । আমাৰ ভাৰতীয় মানুহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সংস্কৃত ভাষাটো বৰ্তি আছে ।" তেওঁ আৰু কয় যে ৰং হৈছে জীৱনৰ সৌন্দৰ্য । ৰঙক বাদ দি কোনো জীয়াই থাকিব নোৱাৰে । ৰঙে জীৱনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ ।

বিয়লি প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মিহিৰাম ভূঞাই আৰু সন্ধ্যা শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিয়ে । উল্লেখ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন কৰি অহা ৩৫৫ বছৰীয়া সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে ।

আয়োজক সমিতিয়ে জানোৱা মতে দৌল মন্দিৰত দৌল ধ্বজা উৰণ,মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯গৰাকী নামঘৰৰ বিষয়ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰাৰ অন্তত ৩০খনি ধৰ্ম ধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ'ব । অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব ।

ইয়াৰ পাছতে খোল-নাম প্ৰসংগ, আপ্যায়ণ,বিয়লি আমন্ত্ৰিত নামতিৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হ'ব । সন্ধ্যা যোৰা পৰিবেশনৰ অন্তত সম্বৰ্ধনা,সাহাৰ্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান ।

নিশা দলৈগাঁও আৰু ন দলৈ গাঁৱৰ মহিলা শিল্পীসকলৰ দ্বাৰা "মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন" ভাওনাখনি মঞ্চস্থ কৰা হ'ব । ভাওনাখনি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই । ৮ মাৰ্চত পুৱা পৱিত্ৰ হোলী খেলাৰ অন্তত কীৰ্তন পাঠ,প্ৰসংগ,বিয়লি দিহানাম পৰিবেশন,সন্ধ্যা প্ৰসংগ আৰু আদৰণি-সম্বৰ্ধনা অনুষ্ঠান ।

নিশা মৰিগাঁৱৰ দক্ষিণ বাৰপূজীয়া জনজাতীয় লোকবাদ্য দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব । ৯ মাৰ্চত পৰিবেশন নিকাকৰণৰ অন্তত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰ পংখী ৰথত দৌল গোবিন্দ গোঁসাইক ভ্ৰমণ কৰোৱা হ'ব । ইয়াৰ পাছতে কীৰ্তন পাঠ আৰু সমূহীয়া ঘোষাৰে দৌল উৎসৱৰ সামৰণি মৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে ।