অসম

ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত অসমৰ সাফল্য…

asomiyapratidin

ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত অসমৰ সাফল্য…

ডিজিটেল ডেস্কঃ দ্বিতীয় ৰাষ্ট্ৰীয় টাং-চু-ডু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্য। প্ৰতিযোগিতাখনত অসমৰ ৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি মুঠ ৭৬ টা মেডেল লাভ কৰিবলৈ সক্ষম হয়। কোৰানাৰ সংক্ৰমণৰ বাবে ২০২০ চনৰ পৰা সমৰকলাৰ সংস্থা টাং চু ডুৱে অনুষ্ঠিত কৰি আহিছে ভাৰ্চুৱেল প্ৰতিযোগিতা। ১৯ জুনত ক্ৰীড়া সংস্থাটোৱে দ্বিতীয় বাৰৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ ৫০ গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি লাভ কৰিলে ৭৬ টা পদক।

প্ৰতিযোগিতাত অসম দলটোৱে বিভিন্ন শাখাত কাটা, স্পীড কিক, এৰিঅ' মাৰ্চিয়েল আৰ্ট, আৰু ৱেপন কাটা শিতানত ১৫ টা সোন, ১৪ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। পদক প্ৰাপ্ত খেলুৱৈসকলক টাং-চু-ডু অসমৰ মুখ্য প্ৰশিক্ষক তথা টাং চু ডু অসম সংস্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে শুভেচ্ছা জনাইছে। আনহাতে এই প্ৰতিযোগিতাত অসম দলটোৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কাৰিকৰি দিশটোৰ লগতে অন্য ধৰণেও সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে ধন্যবাদ জনাইছে সংস্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁইয়ে।