অসম

ৰূপহীহাটত মুকলি হ'ল ২০ খন বিছনাযুক্ত অত্যাধুনিক চিকিৎসালয়

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰূপহীহাট : ৰূপহীহাটৰ জুৰীয়াৰ এৰাবাৰীত বুধবাৰে ২০ খন বিছনাযুক্ত ব্যক্তিগত খণ্ডৰ এ এম হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন অত্যাধুনিক চিকিৎসালয় মুকলি কৰা হয়। চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত জিলা খনৰ বহু কেইগৰাকী জ্যেষ্ঠ চিকিৎসক ডা০ ৰীমা ভট্টাচাৰ্য, ডা০ ফৰিদা ইয়াচমিন, ডা০ মানস জ্যোতি বৈশিষ্টই মূল্যবান বক্তব্য আগবঢ়োৱাৰ লগতে চিকিৎসালয়খনত উপলব্ধ থকা বিভিন্ন চিকিৎসা সেৱা আৰু সা সুবিধাৰ কথা অৱগত কৰে।

এ এম হস্পিটাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত ইতিমধ্যে আৰম্ভ হোৱা উন্নত মানদণ্ডৰ আলট্ৰাছন'গ্ৰাফী, ডিজিটেল এক্স ৰে সেৱা, বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ সেৱা আৰু সুবিধাৰ কথা অৱগত কৰে চিকিৎসালয়খনৰ স্বত্বাধিকাৰী মোবাৰক হুছেইন আৰু জাদিদ হুছেইনে । অতি সোনকালেই চিকিৎসালয়খনত আয়ুস্মান ভাৰতৰ অধীনত লাভ কৰিব পৰা চিকিৎসা সেৱাসমূহ উপলব্ধ হ'ব বুলি উপস্থিত ৰাইজক অৱগত কৰে ডা০ মানস জ্যোতি বশিষ্ঠই ।

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানো বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে লগতে জুৰীয়াৰ জেষ্ঠ সাংবাদিক দিবাকৰ বৰাই নগাঁও জিলাৰ ভিতৰতে অতিকৈ পিছপৰা জুৰীয়াৰ এৰাবাৰী অঞ্চলত এনে অত্যাধুনিক চিকিৎসালয় স্থাপনে দুৰ্গম পথেৰে চিকিৎসা সেৱা বিচাৰি নগাঁও চহৰলৈ বাটকুৰি বাই যাবলগীয়া ৰোগীসকলৰ বাবে যথেষ্ট সহায়ক হ'ব বুলি মত প্ৰকাশ কৰে ।