অসম

হাটশিঙিমাৰীত দুই ফৈদৰ মাৰপিটত শিশুসহ ১৪ জন আঘাতপ্ৰাপ্ত

Asomiya Pratidin

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : সুখচৰৰ বেপাৰীপাৰাত দুই ফৈদৰ মাজত মাৰপিট কাণ্ড। এই মাৰপিট কাণ্ডত ১৪ জন লোক আহত হয় । জানিব পৰামতে, আৰ্মিনা খাতুন নামৰ মহিলাগৰাকীক স্বামী ৰমজান আলীয়ে খেলপথাৰত মাৰপিট কৰাক লৈ আলিনুৰ বেপাৰীয়ে বাধা দিছিল।

ফলত দুই ফৈদৰ মাজত সংঘটিত হয় মাৰপিট কাণ্ড। ফলত উভয়ৰে ১৪ জন আহত হয় বুলি জানিব পৰা গৈছে । ইফালে আঘাতপ্ৰাপ্তসকলক হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে সুখচৰ আৰক্ষী। ইতিমধ্যে উপস্থিত আৰক্ষীৰ দলটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।