অসম

গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ৰ ১০০ শতাংশই উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনে গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়ে। মহানগৰীৰ বশিষ্ঠস্থিত গুৱহাটী দৃষ্টিহীন উঃমাঃ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

বিদ্যালয়খনৰ মুঠ ৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ৩ গৰাকী লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ১ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে যথেষ্ঠ কৰি পৰীক্ষাত সফলতা লাভ কৰে।

উল্লেখ্য যে,হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৩ ত মুঠ ৪১৫৩২৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৯৪৯১৩ গৰাকীয়ে প্ৰথম স্থান, ১৪৮৫৭৩ গৰাকীয়ে দ্বিতীয় স্থান, আৰু ৫৮৩৯৪ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে।