bodo aijos shine
bodo aijos shine 
অসম

পলু পালন, মিশ্ৰিত কৃষিকৰ্মৰে উজ্বলিছে বাক্সাৰ ১০ গৰাকী বড়ো আইজো...

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা : পলু পালন আৰু মিশ্ৰিত কৃষিকৰ্মেৰে উজলি উঠিছে বাক্সাৰ দহ গৰাকী বড়ো আইজো ৷ আত্মসহায়ক গোটৰ জৰিয়তে এই সকল মহিলাই বছৰেকত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা ৷

মাইনাওশ্ৰী আত্মসহায়ক গোটৰ জৰিয়তে এইসকল মহিলাই আত্মনিয়োগ কৰিছে এৰী সূতা উৎপাদনত ৷ বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ দ্বাৰাগাঁৱত ২০১৭ চনত গঠন কৰিছিল মাইনাওশ্ৰী আত্মসহায়ক গোটটো ৷

গাঁওখনৰ মহিমা, হিমানী, পূৰ্ণিমা, সঞ্চীতা, ৰিংকু, ৰূপাথি, চবিতা, মল্লিকা, জাৰৌ আৰু ৰিংকুৱে আত্মসহায়ক গোটটো গঠনৰ পিছৰে পৰা সমূহীয়াভাৱে পলু পালন কৰি এৰী সূতা উৎপাদন কৰি আহিছে ৷ বিগত পাঁচ বছৰে ধাৰাবাহিকভাৱে এই সকল মহিলাই পলু পালনৰ জৰিয়তে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

সেইদৰে এইবাৰ মিশ্ৰিত কৃষিকৰ্মেৰেও উজলি উঠিছে মহিলা কেইগৰাকী ৷ মাটি মাহ আৰু কচু খেতিৰে দেখুৱাইছে কৰ্মসংস্কৃতি ৷ তেওঁলোকে জানিব দিয়া অনুসৰি পলুৰ পৰা উৎপাদিত সূতা বিক্ৰী কৰি বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে এইবাৰ কচু আৰু মাটি মাহৰ পৰাও লাভ কৰিব যথেষ্ট ধন ৷ বৰ্তমানলৈ কোনো ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও জিলাখনৰ সীমান্ত অঞ্চলত এইসকল বড়ো আইজোই (মহিলাই) দেখুৱাবলৈ সক্ষম হৈছে স্বনিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন ৷