সাজু হৈ উঠিল অসম চুক্তিৰ আধাৰত নিৰ্মিত প্ৰায় ১১০০ বিঘা মাটিক সামৰি লোৱা আমগুৰি সৌৰ শক্তি প্ৰকল্প…

সাজু হৈ উঠিল অসম চুক্তিৰ আধাৰত নিৰ্মিত প্ৰায় ১১০০ বিঘা মাটিক সামৰি লোৱা আমগুৰি সৌৰ শক্তি প্ৰকল্প…

ডিজিটেল ডেস্কঃ অৱশেষত সুদীৰ্ঘ অপেক্ষাৰ অন্ত পৰাৰ দিশে। ১৯৯০ চনৰ পৰাই চৰ্চা চলি অহা আমগুৰি সৌৰ প্ৰকল্প শুভ উদ্বোধনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অসম চুক্তিৰ আধাৰত আমগুৰি সমষ্টিৰ লালিম চাপৰিত নিৰ্মাণ কৰি উলিওৱা ৭০ মেগাৱাট সম্পন্ন আমগুৰি সৌৰ শক্তি পাৰ্ক ৩১ মে', ২০২২, মঙ্গলবাৰে শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

১৯৯০ চনতে স্থাপন হ'বলগীয়া অসমৰ শক্তি খণ্ডৰ নৱতম সংযোজন অমগুৰি সৌৰ প্ৰকল্প বিভিন্ন পাকচক্ৰত পৰি ২০২২ চনৰ মে' মাহ পৰ্যন্ত পিছুৱাই আহিবলগীয়া হ'ল। অসম চুক্তিৰ আধাৰত ১৯৯০ চনতে অসম গণ পৰিষদ চৰকাৰৰ আমোলত তদানীন্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই আমগুৰিত ৩৬০ মেগাৱাট শক্তি সম্পন্ন গেছ ভিত্তিক এক তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ৰাজনৈতিক, অর্থনৈতিক,কাৰিকৰী আদি বিভিন্ন অজুহাতত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠা নাছিল ।

ইয়াৰ পৰৱৰ্তি সময়ত অসমত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত পূৰ্বৰ তাপ বিদ্যুৎ প্রকল্পৰ পুনৰ আধাৰশিলা স্থাপন কৰা হয়। সেই অনুসৰি পূৰ্বৰ তাপ বিদ্যুৎ প্রকল্পৰ পৰিবৰ্তে এই প্ৰকল্পত সৌৰ প্ৰকল্পৰ ৰূপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয় ।

ভাৰত চৰকাৰ আৰু নয়দাৰ "জেকচন ইণ্ডিয়া" নামৰ এটা প্ৰতিষ্ঠানৰ মাজত প্ৰকল্পটো নিৰ্মাণৰ বাবে এক চুক্তি সম্পাদিত হোৱাৰ পাছৰে পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হয়। প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই সৌৰ শক্তি প্ৰকল্পত প্ৰথমে ৭০ মেগাৱাট শক্তি উৎপাদন কৰা হ'ব যদিও পৰৱৰ্তি সময়ত ইয়াৰ উৎপাদন ১০০ মেগাৱাটলৈ বৃদ্ধিৰো পৰিকল্পনা আছে চৰকাৰৰ।

প্ৰায় ১১ বিঘা মাটিক সামৰি লোৱা এই প্ৰকল্পৰ শুভ উদ্বোধন অনুষ্ঠান মঙ্গলবাৰে দিনৰ ১-৩০ বজাত আৰম্ভ হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও শক্তি মন্ত্ৰী বিমল বৰা, দুই সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকিব। এই প্ৰকল্পই ৰাজ্যখনৰ শক্তি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও পৰ্যাপ্ত কৰ্ম সংস্থাপন সৃষ্টিৰো সুযোগ মুকলি কৰিব বুলি ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in