জনপ্ৰিয় ছাউণ্ড ইঞ্জিনীয়াৰ অসীম দাসৰ বিয়োগঃ সংগীত ক্ষেত্ৰখনত শোকৰ বন্যা..

জনপ্ৰিয় ছাউণ্ড ইঞ্জিনীয়াৰ অসীম দাসৰ বিয়োগঃ সংগীত ক্ষেত্ৰখনত শোকৰ বন্যা..

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিশিষ্ট শব্দযন্ত্ৰী তথা ছাউণ্ড ইঞ্জিনীয়াৰ অসমী দাসে সোমবাৰে মৃত্যুক সাৱটি লোৱা ঘটনাই ৰাজ্যৰ সাংগীতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাইছে। এসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা জুবিন গাৰ্গৰ মন ছিৰিজৰ বহু কেইটা এলবামত নিজৰ কৰ্মৰে জিলিকি উঠাৰ লগতে সংগীত ক্ষেত্ৰখনত এক সুকীয়া পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসীম দাসে।

ইয়াৰ পিছত তেওঁ আন বহু শিল্পীৰ সৈতে বহুকেইটা অসমীয়া এলবামত জড়িত হৈ পৰাৰ লগতে ভ্ৰাম্যমাণ ক্ষেত্ৰতখনৰ লগতো জড়িত হৈ পৰে। ভ্ৰাম্যমাণৰ বহু গীতত নিজৰ প্ৰতিভা তুলি ধৰা অসমী দাসে অসমীয়া চিনেমাৰ সৈতেও জড়িত হৈ পৰিছিল।

সোমবাৰে পুনৰ ১১-০৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৫ বছৰ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা অসীম দাসে মৃত্যুৰ সময়ত নিজ মাতৃৰ লগতে, পত্নীসহ ৩ বছৰীয়া এগৰাকী কন্যা আৰু এগৰাকী ভগ্নীক ইহ সংসাৰত এৰি থৈ গৈছে। অসমী দাস মহানগৰীৰ পাব্লিক হেল্থ অঞ্চলত থকা ষ্টুডিঅ' ওৱানৰো স্বত্বাধিকাৰী আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in