/asomiyapratidin/media/media_files/2026/01/27/1-2026-01-27-12-59-19.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ ৰাঙলুত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে একে দিশে গৈ থকা WB 51C 5184 নম্বৰৰ এখন ট্ৰাকে মহটিয়াই নিলে এখন মেজিক। তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিয়া মেজিকখনৰ নম্বৰ AS02 AC 6829 বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/85bab66d-d48.png)
এই দুৰ্ঘটনাটোত গাড়ীদুখনৰ চালকসহ পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। পথ দুৰ্ঘটনাটোত দুয়োখন বাহন যথেষ্ট ক্ষতিসাধন হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিব দিছে। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক প্ৰেৰণ কৰে চিকিৎসালৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us