জুবিন বিহীন প্ৰথমটো বিহু

জাতিৰ আকাশত জ্যোতি বিলোৱা সেই জ্যোতিত যেন আজি বৰষিছে তমসা। দিন বাগৰিছে যদিও কাৰোৰে মনত কমা নাই আকুলতা। আজিও সকলোৰে মুখে মুখে জুবিন জুবিন জুবিন ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-18 at 6.49.44 PM

ভাস্কৰ শৰ্মা

তেওঁ নিজকে সূৰ্য আৰু চন্দ্ৰৰ লগত তুলনা কৰিছিল। কোনোৱে ‘তৰা’ বুলি ক’লে কৈছিল- আকাশত ধেৰ তৰা আছে। গতিকে মই তৰা নহওঁ। মই অকলে; সূৰ্য - চন্দ্ৰ। আজি যেন অসমৰ আকাশত নাই সেই সূৰ্যটি। আজি এমাহেই হ’বৰ হ’ল তেওঁ নোহোৱা। 

আজি কাতি বিহু। কাতি বিহু এনেই কঙালী। তাতে আকৌ তেওঁ বিহীন অসমত প্ৰথমটো বিহু। অভাৱ- অনাটনৰ মাজেৰে পাৰ হৈ যাব ধৰা কাতি বিহু যেন আজি আৰু অধিক কঙালী হৈ পৰিছে। 

জাতিৰ আকাশত জ্যোতি বিলোৱা সেই জ্যোতিত যেন আজি বৰষিছে তমসা। দিন বাগৰিছে যদিও কাৰোৰে মনত কমা নাই আকুলতা। আজিও সকলোৰে মুখে মুখে জুবিন জুবিন জুবিন। জুবিন আজি হৈ পৰিছে বহুতৰ বাবে প্ৰাৰ্থনা।  

জুবিন গাৰ্গ নামৰ সূৰ্যটি আজি আমাৰ মাজত নাই। চাৰিওফালে যেন কেৱল আৰু কেৱল এন্ধাৰ। ধিমিক ধামাক পোহৰত চলাই গৈ আছে জীৱন যাত্ৰা। কিন্তু তাৰ মাজতো অৱধাৰিতভাৱে আহিছে কাতি বিহু। তাৰোপৰি সমাগত দীপাৱলী। 

তথাপি যেন কাৰোৰে মনত নাই সেই আনন্দ- উচাহ- উদ্দীপনা। প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত সকলো আনন্দ- উল্লাসেই যেন স্তব্ধ হৈ গৈছে মানুহৰ। সেমেকা সেমেকা মন, চকুত কৰুণ চাৱনি। শোকত ম্ৰিয়মাণ আজি সকলোৱে।

তাৰ মাজতো মনক বান্ধি নিজানে- নিতালে মাত্ৰ কৰি গৈছে নিজৰ দৈনন্দিন কাম-কাজবোৰ। কাতি বিহুৰ ওলগ জনাবলৈও যেন কোনোৱে মনত সাহস গোটাব পৰা নাই। 

কি সতে কোনে জনাব, কাক শুভেচ্ছা। সকলোৰে মন এনেই গধুৰ। তেনেস্থলত এনে শুভ কামনাৰ নাই কোনো আৱশ্যকতা – এই কথা যেন সকলোৰে মনত ভাব হৈছে !

তথাপি বাপতিসাহোন কাতি বিহু উপলক্ষে অসমৰ গাঁৱে-ভূঁঞে পৰম্পৰা ৰক্ষাৰ নামত অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছে কঙালী বিহুৰ। তুলসীৰ তলত জ্বলাইছে পৰম্পৰাৰ চাকি গছি। আকাশবন্তিৰো কৰিছে ব্যৱস্থা। 

আনহাতে ক’ৰবাত ক’ৰবাত তুলসীৰ তলত এইবাৰ দুগছি চাকিও জ্বলাইছে আই-মাতৃসকলে। এগছি কাতি বিহু বুলি আৰু প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি আগবঢ়াই দিছে আন গছি চাকি। দুগালে বৈ অহা চকুলোৱে কৈ গৈছে জুবিন বিহীন এই কাতি বিহুৰ বেদনাৰ কথা।

নিমাওমাও পৰিৱেশত হাতত শৰাই আৰু কলপাত লৈ পথাৰলৈ বুলি গৈছে কৃষকজন। তাতো তেওঁ প্ৰথমে আৰধনা কৰিছে জুবিন গাৰ্গৰ। তাৰ পাছতে ইষ্ট দেৱতাক প্ৰাৰ্থনা জনাইছে শইচডৰা পোক- পতংগ পৰা হাত সৰাই ৰাখিবলৈ। 

ৰাজ্যৰ বহু ঠাইৰ খেতিপথাৰত আজি সমস্বৰে গাইছে জুবিন গাৰ্গৰ বিখ্যাত গীতটি মায়াবিনী ৰাতিৰ বুকুত...। এনেকৈয়ে এইবাৰৰ কাতি বিহু পালন কৰিছে অসমীয়াই। আজিৰ এই বিহুৰ দিনটোতো আকৌ সামাজিক মাধ্যমত অব্যাহত থাকিল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ। ডিজিটেল প্ৰতিবাদ চলাই গৈছে একাংশই। 

দুলীয়াজান, ডুমডুমা আদি ঠাইত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে বহুলোকে। যাত্ৰীবাহী বাহনত পষ্টাৰিং কৰি জুবিন গাৰ্গৰ ন্যায় বিচৰা অভিযান চলাইছে একাংশ দল- সংগঠনে। ডিজিটেল প্ৰতিবাদে আজিৰ দিনটোত ১.৮ মিলিয়ন স্পৰ্শ কৰিলে। বুজন সংখ্যক লোকে লিখিছে- JusticeForZubeenGarg হেছটেগ।

বাপতিসাহোন কাতি বিহুৰ দিনটোতো প্ৰতিজন অসমীয়াই প্ৰাৰ্থনা কৰিছে- জুবিন গাৰ্গে ন্যায় পাওঁক। দোষীয়ে শাস্তি পাওঁক। সত্যৰ জয় হওঁক...

কাতি বিহু জুবিন গাৰ্গ