/asomiyapratidin/media/media_files/2025/05/26/o74D585vJN18HlzTanZN.jpeg)
জাহাজখনে কঢ়িয়াইছিল ১৩ প্ৰকাৰৰ বৃহৎ পৰিমাণৰ বিপদজনক সামগ্ৰী
ডিজিটেল ডেস্কঃ দেওবাৰে কোচিৰ উপকূলৰ আৰব সাগৰত সংঘটিত হল এক ভয়ংকৰ ঘটনা। কোচিৰ পৰা প্ৰায় ৩৮ নটিকেল মাইল দূৰত লাইবেৰিয়াৰ পতাকা থকা এখন কণ্টেইনাৰ জাহাজ এম এছ চি এল এছ এ ৩ ডুব যায়। যাৰফলত কেৰালাৰ সাগৰীয় উপকূলত পৰিৱেশৰ প্ৰতি এক বৃহৎ ভাবুকিৰ সৃষ্টি হৈছে।
জাহাজখনে কঢ়িয়াই আনিছিল ৮৪.৪৪ মেট্ৰিক টন ডিজেল, ৩৬৭.১ মেট্ৰিক টন চুলাৰ তেল আৰু ৬৪০টা পাত্ৰ। জাহাজখনত আছিল ১৩টা বিপজ্জনক সামগ্ৰী আৰু ১২টা কেলচিয়াম কাৰ্বাইডযুক্ত সামগ্ৰী। ইয়াৰ এটা হোল্ড পানীত ডুব যায়। ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ (আই চি জি) আৰু ভাৰতীয় নৌসেনাৰ সংযুক্ত অভিযানত ২৪ জন ক্ৰু সদস্যক সফলতাৰে উদ্ধাৰ কৰা হয়। পিছে, বৃহৎ পৰিসৰৰ তেল আৰু ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ আশংকাক লৈ উদ্বেগ তীব্ৰতৰ হৈ পৰিছে।
জাহাজখন ডুব যোৱাৰ ফলত সাগৰীয় আৰু উপকূলীয় পৰিৱেশ তন্ত্ৰ, মূলতঃ মাছ ধৰাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব বুলি বিশেষজ্ঞসকলে জনায়। কোচিস্থিত চেণ্ট্ৰেল মেৰিন ফিচাৰিজ ৰিচাৰ্চ ইনষ্টিটিউটৰ (চিএমএফআৰআই) সঞ্চালক গ্ৰীনছন জৰ্জে সদৰি কৰা অনুসৰি, "কেলচিয়াম কাৰ্বাইডৰ বিপজ্জনক সামগ্ৰী কঢ়িয়াই অনা জাহাজখনৰ পৰা লিকেজ হোৱাৰ পৰিসৰৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে যদিও ডিজেল আৰু চুলাৰ তেলৰ শ্বাসৰুদ্ধকৰণে স্পৰ্শকাতৰ সাগৰীয় পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলাব পাৰে।"
জৰ্জে লগতে উল্লেখ কৰে যে, "তেলৰ শ্বাসৰুদ্ধকৰণে স্পৰ্শকাতৰ সাগৰীয় প্ৰজাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে আৰু মাছ ধৰা কাৰ্যকলাপত ব্যাঘাত জন্মাব পাৰে। বিশেষকৈ উপকূলীয় অঞ্চলৰ মাছমৰীয়াসকলক প্ৰভাৱিত কৰিব। যদিহে এই নিৰ্গমন বিয়পে, তেন্তে ই সাগৰীয় উৎপাদনশীলতাৰ ক্ষতি কৰিব পাৰে, বিশেষকৈ বাৰিষা - পেলেজিক মাছৰ প্ৰজনন আৰু বৃদ্ধিৰ বাবে এক জটিল সময়। ইয়াৰ ফলত মীনপালনৰ বাবে স্থায়ী পৰিণতি হ'ব পাৰে" বুলিও কৰে গ্ৰীনছন জৰ্জে।