মোৰ বিৰুদ্ধে অযথা হুলস্থূল হৈছেঃ নিৰজ বৰা

২০ জনীকৈ গীৰ গাই ক্ৰয় কৰি অনাৰ পিছত ১০ জনী গীৰ গাই মৃত্যুমুখত পৰে বুলি প্ৰকাশ কৰে গো-পালক নিৰজ বৰাই ৷ ৰঙীয়া ৰে'ল ষ্টেচনৰ পৰাই গীৰ গাইকেইজনী অনাৰ কথাও সাংবাদিকৰ আগত স্বীকাৰ কৰে গো-পালক গৰাকীয়ে৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
web ap gir

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ গৰুখুটি কৃষি প্ৰকল্পৰ গীৰ গাই বিক্ৰীক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এই গীৰ গাই ক্ৰয় কৰা তালিকাত নাম থকা নিৰজ বৰাক লৈও অব্যাহত আছে চৰ্চা ৷ জামুগুৰিহাটৰ যুৱক নিৰজ বৰাই আজিও পোহপাল দি আছে ক্ৰয় কৰি অনা সেই গো-ধন সমূহ। তিনিগৰাকীকৈ যুৱক একত্ৰিত হৈ ২০২১ চনৰ পৰাই আৰম্ভ কৰা গো-শালাত এতিয়াও আছে ১০ জনী গীৰ গাই সহিতে শতাধিক গো-ধন৷

অৱশ্যে ২০ জনীকৈ গীৰ গাই ক্ৰয় কৰি অনাৰ পিছত ১০ জনী গীৰ গাই মৃত্যুমুখত পৰে বুলি প্ৰকাশ কৰে গো-পালক নিৰজ বৰাই ৷ ৰঙীয়া ৰে'ল ষ্টেচনৰ পৰাই গীৰ গাইকেইজনী অনাৰ কথাও সাংবাদিকৰ আগত স্বীকাৰ কৰে গো-পালক গৰাকীয়ে৷

নিৰজ বৰাই সাংবাদিকৰ আগত তেওঁৰ স্থিতি স্পষ্ট কৰি কয় যে, তেওঁ এনডিডিবিৰ পৰা ২০২২ চনত ক্ৰয় কৰিছিল বিশ জনী গিৰ গাই৷ এনডিডিবিক প্ৰয়োজনীয় ধন পৰিশোধ কৰি গৰু ক্ৰয় কৰাৰ নথি প্ৰদৰ্শন কৰাৰ লগতে বাকী জীয়াই থকা গিৰ গাই কেইজনীৰ পৰা বৰ্তমানে গাখীৰ বিক্ৰী কৰি থকা বুলিও জনিবলৈ দিয়ে ৷ তেওঁৰ বিৰুদ্ধে অযথা হুলস্থূল হৈ থকা বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে নিৰজ বৰাই ৷

গৰুখুটি গীৰ গাই