/asomiyapratidin/media/media_files/2025/12/15/whatsap-2025-12-15-12-26-12.jpeg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ গোচৰত আজি চাৰ্জশ্বীট দাখিল কৰিব। এই আক্ৰমণত কেবাজনো পৰ্যটকসহ মুঠ ২৬ জন লোক নিহত হৈছিল।
বিষয়াসকলে জনোৱা অনুসৰি, নিয়াৰ তদন্তত পেহেলগাম কাণ্ডত ৩ জন সন্ত্ৰাসবাদী পোনপটীয়াভাৱে জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ ভিত্তিতে আজি জম্মুৰ নিয়া বিশেষ আদালতত সন্ত্ৰাস বিৰোধী অনুসন্ধানকাৰী সংস্থাটোৱে চাৰ্জশ্বীট দাখিল কৰিব।
চলিত বৰ্ষৰ ২২ এপ্ৰিলত সংঘটিত হোৱা এই আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কমেও তিনিজন সন্ত্ৰাসবাদীৰ স্কেছ মুকলি কৰিছিল আৰু তেওঁলোকৰ বিষয়ে তথ্য দিয়াৰ বাবে প্ৰতিজনৰ বাবে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
সূত্ৰ অনুসৰি, গোচৰটো নিয়াই পঞ্জীয়ন কৰাৰ পাছত তেওঁলোকে প'নী চালক, দোকান, ফটোগ্ৰাফাৰ আৰু এডভেঞ্চাৰ স্প'ৰ্টছৰ সৈতে জড়িত লোকসহ৩৫০ জনতকৈও অধিক স্থানীয় লোকক জেৰা কৰিছিল। জুন মাহত নিয়াই সন্ত্ৰাসবাদীকেইজনক আশ্ৰয় দিয়াৰ অভিযোগত বটকোটেৰ পৰা পাৰভেজ আহমদ জথাৰ আৰু পালামৰ বছিৰ আহমদ জথাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
নিয়াৰ মুখপাত্ৰই সেই সময়ত জনাইছিল যে, "তেওঁলোকে আক্ৰমণত জড়িত তিনিওজন সশস্ত্ৰ সন্ত্ৰাসবাদীৰ পৰিচয় আমাক দিছিল আৰু নিশ্চিত কৰিছিল যে তেওঁলোক নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত পাকিস্তানী নাগৰিক আছিল। এই দুজন ব্যক্তিয়ে সন্ত্ৰাসবাদীকেইজনক খাদ্য আৰু যাৱতীয় সামগ্ৰীৰ যোগান ধৰিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, উল্লেখিত সন্ত্ৰাসবাদীকেইজন জুলাই মাহত সেনাৰ অভিযানত নিহত হৈছিল। আজি দাখিল কৰা এই চাৰ্জশ্বীটে সন্ত্ৰাসবাদী আৰু তেওঁলোকক সহায় কৰা সকলোৰে ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ বাট মুকলি কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us