Advertisment

মঙলদৈত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ৰঞ্জিত দাসৰ...

দেওবাৰে মঙলদৈত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস স্থানীয় কছাৰী ময়দানত চৰকাৰী ভাৱে উদযাপন কৰা হয়। এই কাৰ্যসুচীত ৰাজ্য খনৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰি ৰাইজক সম্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
মঙলদৈত গণৰাজ্য দিৱস উদযাপন।

মঙলদৈত গণৰাজ্য দিৱস উদযাপন। Photograph: (মঙলদৈত গণৰাজ্য দিৱস উদযাপন।)

ডিজিটেল সংবাদ, মঙলদৈঃ  দেওবাৰে মঙলদৈত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস স্থানীয় কছাৰী মইদানত চৰকাৰী ভাৱে উদযাপন কৰা হয়। এই কাৰ্যসুচীত ৰাজ্য খনৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰি ৰাইজক সম্বোধন কৰে। মন্ত্ৰী ৰঞ্জিত দাসে ভাষনত ৰাজ্য খনত বৰ্তমানৰ চৰকাৰ খনে সৰ্বসাধাৰণৰ লোকৰ উন্নয়নৰ বাবে কৰি থকা কামৰ খতিয়ান দাঙি ধৰে।

Advertisment

মন্ত্ৰী ৰঞ্জিত দত্তই ভাষণত ৰাজ্য খনত বৰ্তমানৰ চৰকাৰ খনে সৰ্বসাধাৰণৰ লোকৰ উন্নয়নৰ বাবে কৰি থকা কামৰ খতিয়ান দাঙি ধৰে। পতাকা উত্তোলন আগ মুৰ্হুতত মন্ত্ৰী গৰাকীয়ে জিলা আয়ুক্ত কায্যালয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি আৰু গোপীনাথ বৰদলৈ উদ্যানত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান কৰে।মন্ত্ৰী গৰাকীয়ে পতাকা উত্তোলন পিছত অসম আৰক্ষী, গৃহ ৰক্ষী জোৱান,এন চি চিৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে দৰঙী লোক সংস্কৃতিৰ লোক নৃত্য, ক'লা সংস্কৃতি উপভোগ কৰে।

মঙলদৈ