মোৰ আশীৰ্বাদ সকলোৰে লগতে আছেঃ হিমন্ত বিশ্ব শৰ্মা

২১ জুলাইৰ পৰা মই প্রতিটো সমষ্টিলৈকে যাম। মোৰ আশীৰ্বাদ সকলোৰে লগতে আছে । বিটিআৰ নিৰ্বাচনত আটাইকেইটা মিত্র দল থাকিব আৰু আমাৰ মিত্রজোঁটৰ সম্পৰ্ক কেতিয়াও নাভাগে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  আজি দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত ভাৰতীয় জনতা পার্টিৰ কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সভাত বিৰোধীক লক্ষ্য কৰি লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কংগ্রেছে গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিছিল।

তেওঁ বিটিআৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, ২১ জুলাইৰ পৰা মই প্রতিটো সমষ্টিলৈকে যাম। মোৰ আশীৰ্বাদ সকলোৰে লগতে আছে। বিটিআৰ নিৰ্বাচনত আটাইকেইটা মিত্র দল থাকিব আৰু আমাৰ মিত্রজোঁটৰ সম্পৰ্ক কেতিয়াও নাভাগে বুলিও দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি প্রমোদ বড়োৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা-নকৰাৰ সিদ্ধান্ত গ্রহণ বৰ্তমানেও গ্ৰহণ  কৰা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে।

লগতে কাইলৈ গোৱালপাৰাৰ পাইকানাত, বিলাসীপাৰাতো উচ্ছেদ অভিযান চলিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। লখিমপুৰত হোৱা উচ্ছেদ সন্দৰ্ভত তেওঁ কয়, লখিমপুৰৰ উচ্ছেদক লৈ ৰাজনীতি কৰিব নালাগে। মহিলাগৰাকীৰ ভূমি কোনেও দখল কৰা নাই। বাংলাদেশীক খেদিবৰ বাবে অসমীয়াই এটা সময়ত জীৱন দিছিল, বাংলাদেশী খেদিবৰ বাবে কঠীয়াতলী উচ্ছেদটো সাধাৰণ কথা। বাংলাদেশী থকা স্থানত উচ্ছেদ অভিযান চলিবই বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, আজি সভাত মুখ্যমন্ত্ৰীৰ সৈতে কার্যকর্তা সন্মিলনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহলৰ লগতে কেবাগৰাকীও বিধায়কসহ দলীয় বিষয়ববীয়া।

কোকৰাঝাৰ ড০ হিমন্ত বিশ্ব শৰ্মা