ইণ্ডিয়া-ফিলিপাইনছ-ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ ৰূপে গৌৰৱ গগৈক নিযুক্তি লোকসভাৰ অধ্যক্ষৰ

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ১৮তম লোকসভাৰ সদস্যসকলক লৈ কেইবাটাও গোট গঠন কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ১৮তম লোকসভাৰ সদস্যসকলক লৈ কেইবাটাও গোট গঠন কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। সেয়ে গোট সমূহৰ ভিতৰত অন্যতম ইণ্ডিয়া-ফিলিপাইনছ-ফ্ৰেণ্ডশ্বিপ গ্ৰুপ। এই গ্ৰুপটোৱে ভাৰত-ফিলিপাইনছৰ মৈত্ৰীৰ বাবে কাম কৰিব।

উক্ত গ্ৰুপটোৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈক। ইতিমধ্যে গৌৰৱ গগৈলৈ এই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছে অধ্যক্ষ ওম বিৰলাই। 

Gaurav Gogoi replaces Bhupen Borah as president of Cong's Assam unit -  Nagaland TribuneNagaland Tribune

গৌৰৱ গগৈ ওম বিৰলা