৮০০ কোটিৰ জালিয়াতি! টাটা কনছালটিং ইঞ্জিনিয়াৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু ...

টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছে মুম্বাই বন্দৰৰ বিষয়াসকলৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হৈ বন্দৰটোত ড্ৰেজিঙৰ কামৰ ক্ষেত্ৰত ব্যক্তিগত কোম্পানীক উপকৃত কৰি আহিছিল। টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ আছিল ড্ৰেজিং প্ৰকল্পৰ পৰিচালন পৰামৰ্শদাতা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1ee

ডিজিটেল ডেস্কঃ  মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰৰ সৈতে জড়িত প্ৰায় ৮০০ কোটি টকাৰ এক চুক্তিত টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ লিমিটেডে দুৰ্নীতি আৰু জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছেকেন্দ্ৰীয় তদন্তকাৰী সংস্থাই টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ লিমিটেডৰ প্ৰজেক্ট ডাইৰেক্টৰ, জৱাহৰলাল নেহৰু প’ৰ্ট ট্ৰাষ্টৰ মুখ্য প্ৰবন্ধক আৰু অন্যান্যৰ বিৰুদ্ধে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, গ্ল’বেল মেৰিটাইম ইঞ্জিনিয়াৰিং কোম্পানী মেছাৰ্ছ বস্কালিছ স্মিটকো এই গোচৰৰ অভিযুক্ত হিচাপে গণ্য কৰা হৈছে। টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছে মুম্বাই বন্দৰৰ বিষয়াসকলৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হৈ বন্দৰটোত ড্ৰেজিঙৰ কামৰ ক্ষেত্ৰত ব্যক্তিগত কোম্পানীক উপকৃত কৰি আহিছিল। টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ আছিল ড্ৰেজিং প্ৰকল্পৰ পৰিচালন পৰামৰ্শদাতা।

লগতে চিবিআইৰ অভিযোগত নিবিদা প্ৰক্ৰিয়াত হেতালি খেলা, প্ৰকল্পৰ খৰচ বৃদ্ধি আৰু সমিতিৰ ভিতৰত মতানৈক্যৰ কথা উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত চিবিআইয়ে জ্যেষ্ঠ বিষয়াক জেৰাৰ বাবে মাতি আনি চুক্তিসমূহৰ সৈতে জড়িত বিত্তীয় বিষয়সমূহ সন্দৰ্ভত তদন্ত কৰাৰ সম্ভাৱনা আছে।

ইফালে ভাৰতৰ অন্যতম ব্যস্ত বন্দৰ জে এন পি টিয়ে এতিয়াও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক সঁহাৰি প্ৰকাশ কৰা নাই। উল্লেখ্য যে, টাটা গ্ৰুপে চৰকাৰৰ পৰা ক্ৰয় কৰা এয়াৰ ইণ্ডিয়াৰ মালিকানাধীন এখন বিমান উৰণৰ কিছু মুহূৰ্তৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এসপ্তাহৰ পিছতে টাটা গ্ৰুপৰ বিৰুদ্ধে এই গোচৰটো উত্থাপন হৈছে।

 

 

টাটা গ্ৰুপ