/asomiyapratidin/media/media_files/2025/12/23/whatsa-2025-12-23-18-53-19.jpeg)
ডিজিটেল ডেস্কঃ গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে আনন্দৰ খবৰ। ২৪ ডিচেম্বৰ, বুধবাৰৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব 'অসম গ্ৰন্থমেলা'। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা এই গ্ৰন্থমেলা এইবাৰ বিশেষভাৱে উল্লেখনীয়, কাৰণ পূৰ্বৰ ১২ দিনৰ পৰিৱৰ্তে এইবাৰ গ্ৰন্থমেলাৰ সময়সীমা ১৪ দিনলৈ বৃদ্ধি কৰা হৈছে।
অহা ৬ জানুৱাৰী, ২০২৬ লৈকে চলিব এই গ্ৰন্থমেলা। কেৱল গুৱাহাটীতে নহয়, এইবাৰ ৰাজ্যৰ মুঠ ৮টা গুৰুত্বপূৰ্ণ স্থানত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উদ্যোগক্তাই । ইতিমধ্যে ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ বঙাইগাঁও, ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰ, ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰী, ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ যোৰহাট, ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ তিনিচুকীয়া, ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰ আৰু ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মঙলদৈত অনুষ্ঠিত হ'ল অসম গ্ৰন্থমেলা।
উল্লেখ কৰা প্ৰয়োজন যে,অসম চৰকাৰে ২০২৫ বৰ্ষক ‘গ্ৰন্থৰ বছৰ’ হিচাপে ঘোষণা কৰি সাহিত্যৰ প্ৰসাৰৰ বাবে ৰাজ্যজুৰি ৮ খন গ্ৰন্থমেলাৰ আয়োজন কৰিছিল। অসমৰ প্ৰকাশন ব’ৰ্ড আৰু অসম ৰাজ্যিক পাঠ্যপুথি উৎপাদন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা পৰিচালিত এই মেলাসমূহ চলিত বৰ্ষৰ অক্টোবৰৰ পৰা জানুৱাৰীলৈ চলিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us