/asomiyapratidin/media/media_files/2025/11/16/1-2025-11-16-14-02-49.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰংবাসীৰ দৃষ্টি কাঢ়িছে এখন বিশেষ গীটাৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা ফুলেৰে সাজি উলিওৱা হৈছে এই বিশেষ গীটাৰখন। শিল্পী গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ এই অভিনৱ প্ৰচেষ্টা মঙলদৈৰ গ্লৰিয়াছ পাব্লিক স্কুলৰ সঞ্চালক মিজান নুৰ ৰহমানৰ।
২১ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ অসম আহি পোৱাৰ পাছৰে পৰা মিজান নুৰ ৰহমানে ছাঁৰ দৰে থাকি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তদাৰক কৰিছিল। অনুৰাগী সকলে শিল্পী গৰাকীৰ শ্ৰদ্ধা জনাবলৈ তেওঁৰ নশ্বৰ দেহত দিয়া কিছু ফুল সংগ্ৰহ কৰি ৰাখিছিল মিজান নুৰ ৰহমানে।
পৰৱৰ্তী সময়ত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ সন্মতি সাপেক্ষে সেই ফুলখিনি সংৰক্ষণৰ উদ্দেশ্যে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি সাজি উলিওৱা হয় এখন বিশেষ গীটাৰ। মিজান নুৰ ৰহমানৰ পৰিকল্পনা আৰু সহকাৰী শিক্ষক তথা ৰেইজিং আৰ্টিষ্ট প্ৰসেনজিৎ দাসৰ সহযোগত সম্পূৰ্ণ হৈ উঠিল গীটাৰখন।
মিজান নুৰ ৰহমান আৰু প্ৰসেনজিৎ দাসৰ প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠা গীটাৰখনে ইতিমধ্যে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। ফুলেৰে সজ্জিত এই গীটাৰখন মিজান নুৰ ৰহমানে পৰৱৰ্তী সময়ত প্ৰস্তাৱিত জুবিনৰ সংগ্ৰাহালয়ত দিব বুলি জানিবলৈ দিয়ে।
প্ৰাণিধানযোগ্য যে, গ্লৰিয়াছ প্লাবিক স্কুলৰ বাৰ্ষিক অনুষ্ঠানত জুবিন গাৰ্গৰ সতীৰ্থ ৰাজা বৰুৱা আৰু জয়ন্ত কাকতিয়ে উন্মোচন কৰে এই বিশেষ গীটাৰখন। উন্মোচনী অনুষ্ঠানত শিল্পী কমলিকা কাশ্যপো উপস্থিত থাকে। এই উন্মোচনী অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ লগতে শিক্ষক তথা আমন্ত্ৰিত সকলোৱে মায়াবিনী গীতটি পৰিবেশন কৰি প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনায়।
অনুষ্ঠানৰ ভাষণ প্ৰসংগত ৰাজা বৰুৱা কয় যে, ছাত্র- ছাত্ৰী সকলে জুবিনৰ স্মৃতি জীয়াই ৰাখিবলৈ কিতাপ পঢ়া উচিত। যিহেতু জুবিন গাৰ্গে কিতাপ পঢ়ি ভাল পাইছিল গতিকে কিতাপৰ জৰিয়তে জ্ঞান লাভ কৰিও শিল্পী গৰাকীক আমাৰ মাজত জীয়াই ৰাখিব পাৰি। দেশ-বিদেশৰ বহু কিতাপ জুবিনে অধ্যয়ন কৰিছিল। সেয়েহে জুবিনে ভাল পোৱা কাম সমূহ কৰি জুবিনক জীয়াই ৰাখিবলৈ নতুন প্ৰজন্মক আহ্বান জনাই ৰাজা বৰুৱাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us