আমাজনৰ বৃহৎ সংখ্যক কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি !

আমাজনে কৰ্মচাৰীসকলক দিছে এক বিশেষ নিৰ্দেশ। তেওঁলোকে হয় নিজ নিজ মেনেজাৰ আৰু টিমৰ ওচৰতলৈ স্থানান্তৰিত হ’ব লাগিব, নহ’লে কোনো ধৰণৰ এককালীন সাহায্য অবিহনে পদত্যাগ কৰিব লাগিব। এই নতুন নীতিয়ে আমাজনৰ কৰ্মচাৰীসকলৰ মাজত গভীৰ উদ্বেগ আৰু অনিশ্চয়তা সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
০ দিনৰ ভিতৰত সিদ্ধান্ত লওঁক অথবা ছেভাৰেন্স অবিহনে পদত্যাগ কৰক

সিদ্ধান্ত লওঁক অথবা এককালীন সাহায্য অবিহনে পদত্যাগ কৰক

ডিজিটেল ডেস্কঃ আমাজনে কৰ্মচাৰীসকলক দিছে এক বিশেষ নিৰ্দেশ। তেওঁলোকে হয় নিজ নিজ মেনেজাৰ আৰু টিমৰ ওচৰতলৈ স্থানান্তৰিত হ’ব লাগিব, নহ’লে কোনো ধৰণৰ এককালীন সাহায্য অবিহনে পদত্যাগ কৰিব লাগিব। এই নতুন নীতিয়ে আমাজনৰ কৰ্মচাৰীসকলৰ মাজত গভীৰ উদ্বেগ আৰু অনিশ্চয়তা সৃষ্টি কৰিছে।

Advertisment

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, কৰ্মচাৰীসকলক ছিয়াটল, আৰ্লিংটন (ভাৰ্জিনিয়া) আৰু ৱাশ্বিংটন ডি চিৰ দৰে কেন্দ্ৰীয় স্থানসমূহলৈ স্থানান্তৰ হ’বলৈ কোৱা হৈছে। এই স্থানান্তৰ প্ৰক্ৰিয়াই বহু কৰ্মচাৰীক দেশ এৰি স্থানান্তৰ হবলৈ বাধ্য কৰিব পাৰে। যি পৰিয়াল, সন্তান, পত্নীৰ চাকৰি তথা ব্যয়বহুল বসবাসৰ দৰে দিশসমূহত প্ৰভাৱ পেলাব পাৰে। এই নীতিয়ে হাজাৰ হাজাৰ কৰ্মচাৰীক প্ৰভাৱিত কৰিব পাৰে। বিশেষকৈ ‘মিড কেৰিয়াৰ’ স্তৰৰ কৰ্মচাৰীৰ বাবে স্থানান্তৰ সিদ্ধান্ত লোৱা কঠিন হৈ পৰিছে।

প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীয়ে ব্লুমবাৰ্গক সদৰি কৰা অনুসৰি, “আমি ইতিমধ্যে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) প্ৰভাৱত ভূমিকা হ্ৰাস হোৱাৰ আশংকাত আছো, এতিয়া আকৌ এই স্থানান্তৰ নীতিয়ে আমাক অধিক অনিশ্চয়তাৰ সন্মুখীন কৰিছে।” তেওঁ লগতে জনায়, “মেনেজাৰে তেওঁলোকক স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত ল’বলৈ ৩০ দিনৰ সময় দিছে।” 

অৱশ্যে, এই সম্পৰ্কে আমাজনৰ এগৰাকী মুখপাত্ৰই ব্লুমবাৰ্গক উল্লেখ কৰে যে, “এবছৰতকৈও অধিক সময় ধৰি কিছুমান দলে নিজৰ সতীৰ্থসকলক যিমান পাৰি ফলপ্ৰসূ হোৱাত সহায় কৰিবলৈ তেওঁলোকৰ সতীৰ্থসকলক ওচৰলৈ আনিবলৈ কাম কৰি আহিছে। কিন্তু সকলোৰে বাবে একে পদ্ধতি নাই আৰু কোম্পানী হিচাপে আমাৰ দৃষ্টিভংগীৰ কোনো পৰিৱৰ্তন হোৱা নাই।”

আমাজন