কৃত্ৰিম বানক লৈ সৰৱ যুৱ ছাত্ৰ পৰিষদ, জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা দাহ

"গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অযথা কথাৰে মেঘালয়ৰ পানীয়ে গুৱাহাটী মহানগৰ জলমগ্ন কৰিছে বুলি বাখ্যা কৰে। এইটো বাতুলামি।"

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চৰকাৰৰ হেমাহিৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

চৰকাৰৰ হেমাহিৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ডিজিটেল সংবাদ, গুৱাহাটী: কৃত্ৰিম বানত জুৰুলা মহানগৰবাসী। গুৱাহাটীক জলমগ্ন কৰি মহানগৰবাসীক জলাকলা কৰাটো চৰকাৰৰ অবিবেচক আৰু অপৰিকল্পিত নীতিৰ বহিঃপ্ৰকাশ বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনৰ নেতৃত্বত দেওবাৰে চান্দমাৰীৰ মুখ্য কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। পুত্তলিকা দাহ, হাতে হাতে প্লেকাৰ্ড লৈ শতাধিক কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। 

Advertisment
চান্দমাৰীৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী
 প্ৰতিবাদী কাৰ্যসূচী

 

আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে নিজ স্থানতেই থাকি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, এক বিবৃতিত সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনে কয় যে, চৰকাৰে বাৰে বাৰে টেঙাআম বেচি আহিছে। ২০২৬ চনৰ নিৰ্বাচন অহাৰ পূৰ্বে পুনৰ টোপ দিয়াৰ ব্যৰ্থ প্ৰয়াস কৰিছে। লগতে বিবৃতিটোত উল্লেখ কৰে, "গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অযথা কথাৰে মেঘালয়ৰ পানীয়ে গুৱাহাটী মহানগৰ জলমগ্ন কৰিছে বুলি বাখ্যা কৰে। এইটো বাতুলামি।" তেওঁ লগতে সদৰি কৰে যে,  "অপৰিকল্পিতভাৱে গুৱাহাটীৰ বিভিন্ন নিৰ্মাণ কাৰ্য‌ও আন এটা কাৰণ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি যাব। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি উল্লেখ কৰে।"

কৃত্ৰিম বান