আই পি এলৰ ফাইনেলৰ মাজতে কোকৰাঝাৰৰ কহিনুৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ ৫ জুৱাৰী…

আই পি এলৰ ফাইনেলৰ মাজতে কোকৰাঝাৰৰ কহিনুৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ ৫ জুৱাৰী…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আই পি এলৰ নামত কোকৰাঝাৰত চলিছে জুৱাৰ ৰমৰমীয়া ব্যৱসায় ৷ কোকৰাঝাৰ আৰক্ষীয়ে দেওবাৰে নিশা চহৰ খনৰ কহিনুৰ হোটেলত অভিযান চলাই আই পি এলৰ ৫ জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন জুৱাৰী কেইটা হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ক্ৰমে কৌশিক সাহা (৩৪), দিবাকৰ দাস (৩৬), বাপন ৰায় (২৮), সুৰজ নাথ (৩০) আৰু সঞ্জীৱ কৰ্মকাৰ (৩৫) ৷

পাঁচজনীয়া জুৱাৰীৰ দলটোৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এখন ইন'ভা ( এ এছ ০১ ই ডি ৪০৪৩ ) , এখন মাৰুতি এক্স এল জি গাড়ী ( এ এছ ১৯ কিউ ৯০৬১ ) আৰু এখন আপাচী বাইক ( এ এছ ১৭ এল ১৬২৩ ) জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জুৱাৰী কেইজনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত ২৬২/২২ নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪২০/৩৮৫/১২০ (বি) আৰ ডব্লুউ ১৩/ ১৪/ ১৫/ ১৬/ ১৭ আৰু আছাম লটাৰী বেটিং গেম এক্টৰ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷

সোমবাৰে বিয়লি আটকাধীন কেউজনকে আদালতত হাজিৰ কৰোৱাৰ পিছত দুদিনৰ বাবে আৰক্ষীয়ে জিম্মাত আনি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in