ঢকুৱাখনাৰ শিক্ষামন্দিৰত অধ্যক্ষৰ তালিবানী শাসনঃ অদক্ষ অধ্যক্ষৰ নিৰ্বোধ শিক্ষাৰ্থীক প্ৰহাৰ…

ঢকুৱাখনাৰ শিক্ষামন্দিৰত অধ্যক্ষৰ তালিবানী শাসনঃ অদক্ষ অধ্যক্ষৰ নিৰ্বোধ শিক্ষাৰ্থীক প্ৰহাৰ…

ডিজিটেল সংবাদ ঢকুৱাখনা:   ঢকুৱাখনা মহকুমাৰ এখন প্ৰাথমিক পৰ্যায়ৰ শিক্ষামন্দিৰ। নব প্ৰজন্মক ভৱিষ্যতৰ সু নাগৰিক গঢ়াৰ বিশ্বাস আৰু প্ৰত্যয়েৰে স্থাপিত এইখন বুনিয়াদী শিক্ষা প্ৰতিষ্ঠানত এতিয়া  চলিছে তালিবানী শাসন ।  কি শিক্ষাৰ্থী, কি শিক্ষাগুৰু  সকলোৰে ওপৰত  বিদ্যালয়খনৰ  মতলবী অধ্যক্ষ গৰাকীয়ে  সুদীর্ঘ দিন ধৰি অব্যাহত ৰাখি আহিছে তালিবানী শাসন আৰু স্বেচ্ছাচাৰীৰাজ। এই গুৰুতৰ অভিযোগ অভিভাৱক ,শিক্ষক শিক্ষাৰ্থী সকলোৰে মুখেৰে উত্থাপিত হৈ আহিছে।

ঢকুৱাখনা মহকুমাৰ নেমুটেঙানি অঞ্চলত ২০১০ চনতে স্থাপন হোৱা  নেমুটেঙানি জাতীয় বিদ্যালয়খনৰ অধ্যক্ষ তোলন শেষৰ ফুকনে শাসনৰ নামত শোষণ, শিষ্টাচাৰৰ বিপৰীতে অশিষ্ট আচৰণ আৰু শিকনিৰ নামত এশকনি দিয়া মতলবী কাণ্ড কাৰখানাই এতিয়া চৰম সীমা অতিক্রমিছে । অতিষ্ঠ কৰি তুলিছে শিক্ষক, শিক্ষাৰ্থী ,অভিভাৱক সকলোকে । বৃহস্পতি বাৰে এই গৰাকী অধ্যক্ষই বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰই নিজৰ নাম শুদ্ধকৈ ব'ৰ্ডত লিখিব নোৱাৰাৰ বাবেই নিৰ্মম ভাবে প্ৰহাৰ কৰাই নহয় বিদ্যালয় এৰি গুচি যাবলৈকো ভাবুকি দি এগৰাকী নিৰ্বোধ, কণমানি ছাত্ৰৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিলে।

সংগৃহীত তথ্য মতে বিদ্যালয়খনৰ ছাত্ৰজনক অকথ্য গালি গালাজ কৰি ভীতিগ্ৰস্ত কৰি পাছত নিজৰ নাম লিখিবলৈ দিয়ে অধ্যক্ষজনে । হাতত এডাল বেত লৈ মানসিক নিৰ্যাতন চলাই অধ্যক্ষজনে দিয়া নিৰ্দেশ শুদ্ধকৈ পালন কৰাত ব্যৰ্থ হোৱাৰ বাবেই শ্ৰেণী কোঠাতে উপৰ্যুপৰি বেতেৰে ও হাতেৰে  প্ৰহাৰ কৰে ছাত্ৰজনক।  যন্ত্ৰনাত চিঞৰি চিঞৰি কান্দি থকা নিৰ্বোধ ছাত্ৰজনক পাছত সমনিয়া সকলে বুজনি দিয়াৰ সমান্তৰালভাৱে পৰৱৰ্তী শ্ৰেণীৰ শিক্ষকে গৈ সান্তনা দি ক্ষান্ত কৰে।

পিঠি ,বাহু আৰু গালত প্ৰহাৰৰ দাগ লৈ বহু সময়লৈ স্বাভাৱিক হব নোৱাৰা ছাত্ৰজনক পাছত এগৰাকী অভিভাৱকে গৈ  স্বাভাৱিক কৰে।  শিক্ষকতাৰ নামত কলংক , অনুশাসনৰ নামত  নিৰ্যাতন চলাই শিক্ষাৰ অধিকাৰ আইন পদপিষ্ট কৰি  তালিবানী শাসন চলোৱা অধ্যক্ষজনৰ এনে অবিবেচকী কাৰ্য্যৰ সন্দৰ্ভত সংবাদ মাধ্যমে বিদ্যালয়খনত বৃহস্পতি বাৰে  উপস্থিত হৈ প্ৰশ্ন কৰাত বেপৰোৱা ভাবে শিক্ষাৰ্থীক অনুশাসনৰ বাবে এনে আচৰণ প্ৰয়োজন বুলি নিৰ্লজ আৰু দাম্ভিক মন্তব্যহে কৰে।  নিজৰ এনে অমানৱীয় কাণ্ডত তিলমানো অনুতপ্ত অথবা  বিবেক দংশিত নোহোৱা  দাম্ভিক অধ্যক্ষজনে পূৰ্বেও শিক্ষাৰ্থীৰ প্ৰতি এনে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা বুলি জনা গ'ল।

ইপিনে এইজন মাতব্বৰী অধ্যক্ষই বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী বৰ্ণালী বৰুৱাক যোৱা ৯ নৱেম্বৰত বিদ্যালয় চলি থকা অৱস্থাতে সামান্য কথাত নিৰ্দয় ভাবে সমজুৱাকৈ গালি গালাজ দি  বিদ্যালয়লৈ নাহিদলৈ সকীয়নী দিছিল।  প্ৰায়ে  সহকৰ্মী শিক্ষকসকলক কটু ব্যৱহাৰ কৰি  মানসিক নিৰ্যাতন চলাই অধ্যক্ষজনে প্রদর্শন কৰি অহা  বৰ্বৰ আচৰণৰ অন্যতম বলি হোৱা সহকৰ্মী গৰাকীয়ে ইতিমধ্যে অধ্যক্ষজনৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত গোচৰ তৰিছে।  এগৰাকী অধ্যক্ষৰ এনে অদক্ষতাৰ বিৰুদ্ধে আৰক্ষী আৰু ছাত্ৰ সংগঠন সমূহে কি ভূমিকা গ্ৰহণ কৰে তালৈ বাট চাইছে ন্যায় কামী ৰাইজ, অভিভাৱক আৰু  নিৰ্যাতিতা শিক্ষয়িত্ৰী গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in