আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

শুভমস্ত, শকাব্দ ১৯৪৩, ভাস্কৰাব্দ ১৪২৮ খ্রীষ্টাব্দ ২০২১, হিজৰী ১৪৪৩৷৷ আজি ৭ আঘোণ (দৃক ৮ আঘোণ), ২৪ নৱেম্বৰ, ১৮ ৰবিয়চ চানি, বুধবাৰ।। গুৱাহাটীত সূর্যোদয় পুৱা ৫/৫০/০৬ বজাত। সূর্যাস্ত আবেলি ৪/২৪/৫৯ বজাত।। সূর্যোদয়কালীন কৃষ্ণা পঞ্চমী তিথি (ৰাতি ১০:৪৯ বজালৈ)।। ৭নং পুনর্বসু নক্ষত্র (দিনৰ ১.৪৬ বজালৈ)।। মিথুন ৰাশি (পূৱা ৭.১৪ বজালৈ)।। শুভ যোগ, কৌলব কৰণ।। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো ৰাহু গ্ৰহৰ অশুভ কাৰক দিন।।

মেষঃ মেষ ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব, মানসিক, প্রেম প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ। সাহিত্যিক, শিল্পী উন্নতিমূলক। ৰাজনীতি আৰু সমাজকৰ্মীৰ মনৰ অশান্তি বাঢ়িব। বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব। আর্থিকত কিছু অশান্তি থাকিব। সংখ্যাতত্ত্বৰ মতে ক্ষতিকাৰক।

বৃষ: বৃষ ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ মাজতো মূৰৰ বিষত আক্রান্ত হ'ব পাৰে। মানসিক অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শান্তিৰ যোগ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা-ভাবনা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। সাহিত্যিক, শিল্পীৰ কিছু পৰিমাণে শুভ কাৰক হ'ব। বাণিজ্য আৰু কৰ্মত অলপ লাভৱান হ'ব। আর্থিকত অশুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…

মিথুন: মিথুন ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচৰ পৰা শৰীৰৰ শুভ কাৰক। পৰিয়াল আৰু প্রেম-প্রীতিত সুখ-শান্তি থাকিব। বিদ্যাৰ্থীৰ প্ৰতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। শিল্পী, সাহিত্যিকৰ শুভ কাৰক হ'ব। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধি পাব। কর্ম, আর্থিক আৰু বাণিজ্যত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া হ'ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক, মানসিক সুস্থতা অটুট থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দুশ্চিন্তা বাঢ়িব। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ চিন্তাই অশান্তি দিব। শিল্পী, সাহিত্যিকৰ আর্থিক সমস্যা সত্ত্বেও উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ সফলতা বাঢ়িব। আর্থিকত কিছু পৰিমাণে নাটনি হ'ব, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ মতে হানিকাৰক।

সিংহঃ সিংহ ৰাশিৰ আজি শৰীৰৰ অশান্তি হ'ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে। শিক্ষার্থীৰ অধ্যয়নৰ স্পৃহা বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ কৰ্মৰ প্রতি আগ্রহী। আৰু লাভৱান হ'ব। সংবাদসেৱা, সমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ শুভ কাৰক। কৰ্ম আৰু বাণিজ্যত উন্নতি হ'ব যদিও আর্থিক অনাটন থাকিব। সংখ্যাতত্ত্বৰ মতে ক্ষতিৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰ ৰোগাক্রান্ত হ'ব পাৰে। মানসিক শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্রত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কাৰক হ'ব। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া হ'ব।

তুলাঃ তুলা ৰাশিৰ আজি আগবেলাৰ পৰা শৰীৰ সুস্থ হ'ব। মনৰ অসন্তুষ্টি বাঢ়িব পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভাশুভ মিশ্রিত। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। সাহিত্যিক, শিল্পীয়ে উন্নতিমূলক কামত লাভবান হ'ব। ৰাজনীতি, লগত জড়িতসকলৰ শুভ। আর্থিকত অভাৱ হ'লেও বাণিজ্য আৰু কর্মক্ষেত্ৰত উন্নতি হ'ব। সংখ্যাতত্বৰ মতে শুভ কাৰক।

বৃশ্চিক: বৃশ্চিক ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচৰ পৰা শাৰীৰিক, মানসিক উভয়তে কিছু শুভ কাৰক হ'ব। প্রেম-প্রীতি, সাংসাৰিকত মধ্যম। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্যিক আৰু শিল্পীৰ উন্নতি কাৰক। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িত লোকৰ উন্নতি হ'ব। বাণিজ্য, কর্ম আৰু আৰ্থিকত কিছু লাভাৱান্বিত হ'ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

ধনু : ধনু ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচত শৰীৰ অসুস্থ হ'ব পাৰে। মনৰো চিন্তা বৃদ্ধি পাব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অসন্তুষ্টি বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ দুশ্চিন্তা হ'ব। আর্থিকত অভাৱ হ'লেও কৰ্ম আৰু বাণিজ্যত শুভ হ'ব। সংখ্যাতত্ত্বৰ মতে ক্ষতিৰ যোগ।

মকৰ: মকৰ ৰাশিৰ আজি পুৱা ৭ বজাৰ পিচৰ পৰা শৰীৰৰ, মনৰ শুভ কাৰক হ'ব। প্রেম-পাৰিবাৰিকত সুখ-শান্তিৰ যোগ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অসন্তুষ্টি বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কিছু উন্নতিৰ যোগ। আর্থিক, ব্যৱসায় আৰু কৰ্মত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শৰীৰ দুৰ্বল হ'ব পাৰে। মানসিক শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষার্থীৰ অধ্যয়ন আশানুৰূপ নহ'ব। সাহিত্য, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত কাৰক।

মীন: মীন ৰাশিৰ আজি শাৰীৰিক শুভ যদিও ৰক্তচাপ ৰোগীৰ অশুভ। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্রেম-পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনঃসংযোগত ব্যাঘাত হ'ব। সাহিত্যিক, শিল্পী, সংবাদকর্মীৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

অসমৰ ৰাশিফল: (অসমৰ কাৰক ৰাশি কৰ্কট) : আজি পুৱা ঘণ্টা ৭.১৪ বজাৰ পৰা ৰাজ্যখনৰ ৰাশ্যাধিপতি চন্দ্ৰ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। চন্দ্ৰ স্বগৃহত অহা শুকুৰবাৰে গধূলি ৪.৪৭ বজালৈ কৰ্কট ৰাশিত থাকিব। এই সময়ছোৱাত ৰাজ্যখনৰ গোচৰ ফল আৰু চন্দ্ৰৰ স্থিতি ফল অনুসৰি চতুৰ্থত মংগল, পঞ্চমত কেতু, ষষ্ঠত শুক্র, সপ্তমত শনি, অষ্টমত বৃহস্পতি গ্রহ অতি অশুভ কাৰক হ'ব। কেৱল ৰবি আৰু বুধ | গ্রহ পঞ্চমত শুভ কাৰক হৈ থাকিব। গতিকে ৰাজ্যখনৰ পৰিবেশো যথেষ্ট অশান্তি কাৰক হ'ব। মংগলৰ বাবে চুবুৰীয়া ৰাজ্য তথা দেশৰ লগত অশান্তি বৃদ্ধি আৰু ক্ষতিকাৰক। শনিৰ বাবে চৰকাৰ প্ৰশাসনৰ বাঢ়িব। কেতুৰ বাবে ৰোগ-ৰিষ্ট, দুর্ঘটনা আদিত ক্ষতিকাৰক হ'ব। প্রাকৃতিক পৰিবেশো অশান্তি কাৰক হ'ব পাৰে। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো ৰাহু গ্ৰহৰ কাৰক হেতুকে অশান্তিদায়ক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in