পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিখন দেওঁবাৰে গঠন কৰা হয়। নগাঁও চহৰৰ প্ৰশান্তি পৰ্যটক নিৱাসত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নগাঁও জিলাৰ নতুন সমিতিখন গঠন কৰা হয়।মুখ্য আহ্বায়ক নিজাম আহমেদৰ আহ্বান মৰ্মে কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মুহিউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যিক সমিতিৰ সভাপতি ম‌ইনুল ইছলাম, কাৰ্যকৰী সভাপতি ইমটিয়াজ আহমেদ,সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল হুছেইন উপস্থিত থাকে।

২. নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ৰে পৰা আজিলৈকে একেলেথাৰিয়ে সাহিত্য চৰ্চাত ব্ৰতী থকা পদ্মশ্ৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথাশিল্পী, ইমৰান শ্বাহৰ আজি ৮৯ সংখ্যক ওপজা দিন। আজি শিৱসাগৰ চহৰৰ ধাই আলিস্থিত সাহিত্যিক গৰাকীৰ বাসভৱনত ৰাজহুৱা ভাৱে তেওঁৰ জন্মদিন উদযাপন কৰা হয় ।

৩. কাব্য-সাহিত্যৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচি অসমৰ কাব্য-সাহিত্যৰ ক্ষেত্ৰখনলৈ মেটমৰা সম্ভাৰ আগবঢ়াই অহা গহপুৰৰ বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক নগেন কোঁৱৰৰ ৮০ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ দুখন নবতম গ্ৰন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।সেই উপলক্ষে নগেন কোঁৱৰৰ গহপুৰ নগৰস্থিত চতিয়াচুকৰ বাসগৃহ "সতীৰ্থ সংগম"ৰ চৌহদত জন্মদিন উদযাপন আৰু এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

৪. অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃ্দ্ধি ৰোধৰ ক্ষেত্ৰত শীঘ্ৰেই গঠন কৰা হ'ব বিশেষ টাস্ক ফোৰ্চ। খুচুৰা ব্যৱসায়ীয়ে সৰ্বাধিক ৫ টকাহে বেচি লব পাৰিব। তাৰ ওপৰত অধিক মূল্য ল'লে এই টাস্ক ফোৰ্চে ব্যৱস্থা গ্ৰহণ কৰিব। আজি বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ তথা খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে। তেখেতে কয় যে গঠন হবলগীয়া এই টাস্ক ফোৰ্চত এজন দণ্ডাধীশৰ লগতে যোগান বিভাগৰ বিষয়াও থাকিব। মুছলপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাতো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলা খনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে মিলিত হৈ বিভাগ সমূহৰ খতিয়ান লয়।

৫. গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি প্ৰচেষ্ঠা অব্যাহত ৰখাৰ সময়তে চৰকাৰৰ একাংশ বৰমুৰীয়াই টকাৰ বিনিময়ত বহি:ৰাজ্যৰ পৰা গৰু আনিবলৈ পাৰ্মিট প্ৰদান কৰা এক ঘটনা শেহতীয়াভাৱে পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে । টকাৰ বিনিময়ত বহি:ৰাজ্যৰ পৰা গৰু আনিবলৈ পাৰ্মিট প্ৰদান কৰি আৰু পিছলৈ পুণৰাই উৎকোচ বিচৰাৰ পৰিণতিতে আজি পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ড: অৰূপজ্যোতি ভূঞাক আৰক্ষী আৰু দূৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ।

৬. দৰং জিলাৰ উচ্চ শিক্ষাৰ অন্য এক অনুষ্ঠান মঙলদৈ বাণিজ্য মহাবিদ্যালয় আছু গোটৰ অধিৱেশনখনি মঙ্গলবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ৰাতিপুৱা ১০;৩০ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচী পৰিচালনা কৰে আন্তঃ মঙলদৈ ছাত্র সন্থাৰ ভাঃ সাধাৰণ সম্পাদক চাহিল চৌধুৰীয়ে লগতে উপস্থিত থাকে আন্তঃ মঙলদৈ ছাত্র সন্থাৰ সভাপতি অজয় শইকীয়া। আছু গোটৰ বিষয়ববীয়াৰ উপস্থিতিত ১২ বজাত অনুষ্ঠিত হয় আছু গোটৰ সভাৰ লগতে বিষয় বাচনি সভা। সভাত সৰ্বসন্মতিক্ৰমে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৭. চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তগৰ্ত নিমনাগড়ৰ চিংফাঙ অঞ্চলত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক কৰে৷আটকাধীন লোককেইজন জিলাখনৰ নিমনাগড় শ্ৰীপুৰৰ অঞ্চলৰ সঞ্জীৱ সেন আৰু নাগালেণ্ড তিৰু অঞ্চলৰ লিম্বু কন্যাক নামৰ এগৰাকী নগা যুৱক বুলি জানিব পৰা গৈছে।

৮. দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালৰ ঘৰত মঙলদৈ আৰক্ষী নিজে উপস্থিত হৈ দিলে ৫৪ ফৰ্ম। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগটোৰ বিভিন্ন কাম ৰাইজৰ মাজলৈ লৈ যোৱাৰ অৰ্থে, লগতে বিভাগটোক স্বচ্ছ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত দুৰ্ঘটনাত পতিত লোকৰ ঘৰত গৈ আৰক্ষীয়ে ৰিপোৰ্ট (৫৪ ফৰ্ম) দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা দৰং আৰক্ষীৰ দ্বাৰা কাৰ্যকৰি কৰণ ইতিমধ্যে আৰম্ভ কৰিছে ।

৯. কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৰালীমাত ৰাসৰ গইনালৈ এটা জুৱাৰী চক্ৰই নিশাৰ ভাগত চলাই আছে অবৈধ জুৱাখেল। জানিব পৰামতে ছমৰীয়াৰ বৰালীমাৰা আঞ্চলিক সাৰ্বজনীন ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰৰ পৰা বৰালীমাৰাত অনুষ্ঠিত কৰা ৰাসলীলাৰ নামত প্ৰতিদিনে সন্ধিয়াৰ পৰা অবৈধভাৱে জুৱাখেল চলাই আহিছে৷ জুৱাৰীয়ে বকো থানাৰ লগতে ছমৰীয়া আৰক্ষী-প্ৰশাসনক সন্তুষ্ট কৰি কাকো কেৰেপ নকৰাকৈ ৰাসৰ গইনালৈ নিশাই ধাৰাবাহিকভাৱে চলাই গৈছে লাখ লাখ টকাৰ মুকলি অবৈধ জুৱা৷

১০. কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চৌতাৰাৰ এগৰাকী কিশোৰীক লৈ বিপদত পৰিছে ৰাণী শিশু সুৰক্ষা সংস্থাই৷ জানিব পৰামতে জোৰশিমুলীৰ চৌতাৰা গাঁৱৰ এগৰাকী কিশোৰী ইতিপূৰ্বে বিভিন্ন অসামাজিক কামৰ লগত জড়িত থকাৰ বাবে দুবাৰকৈ আমিনগাঁওস্থিত শিশু সুৰক্ষা কেন্দ্ৰলৈ লৈ যায়৷ উল্লেখ্য যে কিশোৰীজনীক তাইৰ পিতৃ-মাতৃয়ে শিশু সুৰক্ষা কেন্দ্ৰৰ পৰা বিভিন্ন প্ৰতিশ্ৰুতিৰে ঘৰলৈ আনে যদিও কিশোৰীগৰাকীয়ে নামানে শিশু সুৰক্ষা সংস্থাৰ কোনো নীতি-নিয়ম৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in