Advertisment

অভাৱনীয় হাৰত বৃদ্ধি পাইছে বহু ভয়াৱহ ৰোগ

বায়ু প্ৰদূষণে শিশুৰ হাঁওফাঁওৰ কৰ্কট ৰোগ হোৱাৰ বিপদাশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে। কাৰ্বন যৌগ আৰু গধুৰ ধাতুৰ দৰে বিষাক্ত কণা থকা প্ৰদূষিত বায়ুয়ে তেওঁলোকৰ শ্বাসকোষৰ ক্ষতি কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
pollution

ডিজিটেল ডেস্ক: শুকান বতৰত প্ৰদূষিত বায়ুৰ সংস্পৰ্শলৈ আহিলে শিশুৰ হাঁওফাঁওৰ কৰ্কট ৰোগ, হাঁপানি, ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ আশংকা বৃদ্ধি হয়। দিল্লীৰ গংগাৰাম চিকিৎসালয়ৰ চিকিৎসা অংক'লজীৰ পৰামৰ্শদাতা ডাঃ নিতিন এছজিয়ে শিশুসকলৰ বাবে বায়ু প্ৰদূষণ কিমান ভয়াৱহ হ’ব পাৰে, সেয়া উল্লেখ কৰি ছ’চিয়েল মেডিয়াত এটা বিশেষ প’ষ্ট কৰিছে।

Advertisment

এই প’ষ্টত তেওঁ উল্লেখ কৰে যে, বায়ু প্ৰদূষণে শিশুৰ হাঁওফাঁওৰ কৰ্কট ৰোগ হোৱাৰ বিপদাশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে। কাৰ্বন যৌগ আৰু গধুৰ ধাতুৰ দৰে বিষাক্ত কণা থকা প্ৰদূষিত বায়ুয়ে তেওঁলোকৰ শ্বাসকোষৰ ক্ষতি কৰিব পাৰে। এই বিপদাশংকাৰ বাবে চহৰ অঞ্চলত হাঁপানি আৰু ব্ৰংকাইটিছৰ দৰে পুৰণি ৰোগ সচৰাচৰ দেখা যায়। দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সংস্পৰ্শলৈ আহি থাকিলে হাঁওফাঁওৰ গুৰুতৰ ৰোগ হ'ব পাৰে, যাৰ ভিতৰত আছে কৰ্কট ৰোগ। শিশুৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু ভৱিষ্যতে তেওঁলোকৰ কৰ্কট ৰোগৰ পৰা বচাবৰ বাবে প্ৰদূষণ হ্ৰাস কৰাটো খুবেই গুৰুত্বপূৰ্ণ। 

বায়ু প্ৰদূষণ এতিয়া কেৱল এক পৰিৱেশগত চিন্তা নহয়। ই সমগ্ৰ দেশ, বিশেষকৈ উত্তৰ অঞ্চলক প্ৰভাৱিত কৰি এক ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থাত পৰিণত হৈছে। অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে প্ৰতি বছৰে বায়ু প্ৰদূষণ ভয়াৱহ ৰূপ ধাৰণ কৰে। এই পৰিস্থিতিত অতি তাৎক্ষণিক মনোযোগ দিয়াৰ প্ৰয়োজন।

দিল্লীৰ তিনিখন বিদ্যালয়ত লাং কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা কৰা এক শেহতীয়া অধ্যয়নত অতি ভয়াৱহ তথ্য পোহৰলৈ আহিছে।এই অধ্যয়নৰ সময়ছোৱাত ৩ হাজাৰৰো অধিক শিশুৰ স্পাইৰোমেট্ৰি পৰীক্ষা কৰা হৈছিল।এই অধ্যয়নত পাহৰলৈ আহিছে যে ১১-১৭ বছৰৰ তলৰ এক-তৃতীয়াংশ শিশু হাঁপানিত ভুগি আছে। যিয়ে বায়ু প্ৰদূষণক এক গুৰুত্বপূৰ্ণ বিপদাশংকাৰ কাৰক হিচাপে চিনাক্ত কৰে। এই সমগ্ৰ বিষয়টোত জনসজাগতা অত্যাৱশ্যকীয়।ঘৰৰ পৰা বাহিৰলৈ ওলালে মাস্ক পিন্ধাৰ লগতে বাহিৰৰ কাৰ্যকলাপ সীমিত কৰিব লাগে।

Also Read: বায়ু প্ৰদূষণ : বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত ভয়ংকৰ তথ্য