ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলৰ এগৰাকী শিক্ষাবিদ তথা চিচি চাৰিআলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সমাজসেৱক, ধৰ্মপ্ৰাণ ব্যক্তি ৰজনীকান্ত চুতীয়াৰ আজি ৭৮ বছৰ বয়সত দিনৰ প্ৰায় ১২ বজাত পৰলোকপ্ৰাপ্তি হয়। বিগত কিছু বছৰ ধৰি ৰোগাক্ৰান্ত হৈ থকা চুতীয়াৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে৷
উল্লেখ্য যে ৰজনীকান্ত চুতীয়াই শিক্ষক হিচাপে পৃথক পৃথকভাৱে নিজৰ অঞ্চলটোৰ লগতে অৰুণাচল প্ৰদেশতো শিক্ষকতা কৰিছিল ৷ তেওঁ চিচিবৰগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক, চিচিবৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ সভাপতি, চিচিবৰগাঁও বিজ্ঞান মহাবিদ্যালয়ৰ সভাপতি, চিচি উন্নয়ন সমিতিৰ সভাপতি, চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক, চিচিবৰগাঁও উন্নয়ন খণ্ডৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
অসম চৰকাৰৰ শিক্ষকতা কৰাৰ পূৰ্বে তেওঁ ১৯৭২ চনত অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ কইয়ো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰ'টে গাঁৱত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান 'ইপ' পাদুন মেম'ৰিয়েল চৰকাৰী প্ৰাথমিক বিদ্যালয়' বুলি জনাজাত বিদ্যালয়খনত ইতিমধ্যে চুতীয়াই সোণালী জয়ন্তী মহোৎসৱত গৈ সম্বৰ্ধনাও লাভ কৰিছিল ৷
পৰবৰ্তী ১৯৮৮ চনত চুতীয়াই অৰুণাচল প্ৰদেশৰ পৰা নিজ ঘৰলৈ ঘূৰি আহি পুনৰ তেওঁ চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়খনি অন্যতম প্ৰতিষ্ঠা শিক্ষক হিচাপে শিক্ষকতা কৰা অন্তত তেওঁ যোৱা ২০১০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ সমান্তৰালভাৱে পৰবৰ্তী সময়ত শিক্ষক, সমাজ সেৱক চুতীয়াই চিচিবৰগাঁও অঞ্চলৰ কেইবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান স্থাপনত আগভাগ লয় আৰু আন বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত আছিল ৷
বৃহত্তৰ চিচিবৰগাওঁ অঞ্চলৰ ভেবেলীত জন্ম গ্ৰহন কৰা চুতীয়াই মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে পুত্ৰ সাংবাদিক মৃদুপৱন চুতীয়া, বোৱাৰী দুগৰাকী জী-জোৱাই,নাতি নাতিনী ইহসংসাৰত এৰি গৈছে । ইফালে শিক্ষক, সমাজসেৱকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ গুণমুগ্ধসকলে তেওঁৰ গৃহত উবুৰিখাই পৰিছে৷
বিয়লিলৈ চিলাপথাৰ প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ লগতে অঞ্চলটোৰ চিচিবৰগাওঁ সাহিত্য সভা, বিভিন্ন জাতীয় সংগঠন, বিশিষ্ট ব্যক্তিসহ অগণন লোকৰ সমাগম ঘটে ৷ প্ৰয়াত শিক্ষক,সমাজসেৱকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ধেমাজি ধেমাজি জিলা সাংবাদিক সংস্থা, ধেমাজি, চিলাপথাৰ, জোনাই, গোগামুখ আৰু মাছখোৱা প্ৰেছ ক্লাবৰ উপৰিও চিচিবৰগাঁও সাহিত্য সভা, চিচিবৰগাঁও বিজ্ঞান মহাবিদ্যালয়, চিচিবৰগাওঁ মহাবিদ্যালয়, চিচিবৰগাওঁ উন্নয়ন সমিতি, সনাতন ধৰ্ম, বিভিন্ন জাতীয় সংগঠন ৰাইজে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।