স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কৃষক মুক্তিৰ প্ৰতিবাদ...

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি ধেমাজিত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।  স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ শীঘ্ৰেই বন্ধ কৰা , স্মাৰ্ট মিটাৰ লগাবলৈ গৈ গ্ৰাহকক ভয়-ভাবুকি...

author-image
Asomiya Pratidin
New Update
এ পি ডি চি এল

ডিজিটেল সংবাদ,ধেমাজিঃ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি ধেমাজিত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।  স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ শীঘ্ৰেই বন্ধ কৰা , স্মাৰ্ট মিটাৰ লগাবলৈ গৈ গ্ৰাহকক ভয়-ভাবুকি ,ব্লেক-মেইলিং বন্ধ কৰা ঠিকাদাৰ সকলৰ  ওপৰত শীঘ্ৰেই আইনগত ব্যৱস্থা গ্ৰহন কৰা , ইতিমধ্যে গ্ৰাহক সকলৰ পৰা অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰা অতিৰিক্ত ধন সমূহ শীঘ্ৰেই ঘূৰাই দিয়া ব্যৱস্থা কৰা  আজি ভিন্ন দাবীৰে চৰকাৰ বিৰোধী শ্লো'গানে আকাশ বতাহ কপাঁই তুলি এপিডিচিএলৰ ধেমাজি জিলা সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় ৷ 

কাৰ্য্যসূচীত  কৃষক মুক্তি সংগ্ৰাম সমিতি, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দ্বয় বিদ্যুৎ শইকীয়া  আৰু বিতু সোনোৱাল , কাৰ্য্যকৰী সভাপতি ৰাজুৰাজ বৰপাত্ৰগোঁহাই, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ,সাংগাঠনিক সম্পাদক উমানন্দ মুদৈ মৰানে  অংশগ্ৰহণ কৰি ৰাইজক উৎসাহিত  কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক  বিদ্যুৎ শইকীয়াই চৰকাৰক ভৎসনা কৰি কয় --“ আমাৰ ঘৰৰ পূৰ্ব ডিজিটেল মিটাৰটো খুলি আনি  কেৱল কমিছনৰ স্বাৰ্থত ডকাইট ৰূপী এই মিটাৰটো লগাই দিলে ৷ ইয়াক কেতিয়াও মানি লব নোৱাৰো বুলি দাবী জনাই কয় যে  উত্তৰ প্ৰদেশত স্মাৰ্ট মিটাৰ অনুমোদন হৈছিল  মুঠ ৩ কোটি ৯ লাখ ২৭৮ টা , ইয়াৰে ২৪ মাত্ৰ লাখ লগাইছে৷ ঠিক একেদৰে মধ্য প্ৰদেশত  ১কোটি ৩৬ লাখ ৪৪৪০১ টা অনুমোদন হৈছিল ইয়াৰে ১৩ লাখ হে লগাইছে ।   

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ  ৰাজ্য গুজৰাটত ১কোটি ৬৫ লাখ ৭২০  টা অনুমোদন হোৱাৰ বিপৰীতে সংযোগ স্থাপন কৰিলে ১ লাখ ৬৫ হাজাৰ ৷ইয়াৰ বিপৰীতে অসমৰ বেলিকা ৬৯ লাখ ২১,২ ২৯ টা অনুমোদন হৈছিল আৰু সকলোকে আচৰিত কৰি  এতিয়ালৈকে সংযোগ স্থাপন কৰিছে ২৬ লাখ ৬২ ,৬,৯৪ টা স্মাৰ্ট মিটাৰ ৷“ সেয়ে নেতাগৰাকীয়ে অসম চৰকাৰৰ এই হঠকাৰী দুখীয়া জনগন বিৰোধী স্মাৰ্ট মিটাৰ  লগাই কমিছন লোৱা চৰকাৰক তীব্ৰ সমালোচনা কৰে । আৰু বানপীড়িত মানুহক স্মাৰ্ট মিটাৰ দৰকাৰ নাই বুলি বক্তব্য উল্লেখ কৰে ৷ 

প্ৰতিবাদস্হলীত উপস্থিত  থকা দণ্ডাধীক ৰাজচক্ৰ বিষয়া , এপিডিএলৰ বিষয়া  কৰ্মচাৰী সকলে  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীৰ বক্তব্য আৰু স্মাৰ্ট মিটাৰ সম্পৰ্কত দেখোৱা  তথ্যপাতিৰ প্ৰদৰ্শনে দণ্ডাধীশ আৰু এপিডিচিএলৰ ধেমাজি বিষয়ববীয়া সকলে কোনো উত্তৰে দিব নোৱাৰিলে ৷

ধেমাজি