ভগৱান মিচিং গাঁৱত পঃৰাগ উৎসৱ উদযাপন

সৰ্বত্ৰে উখল মখল পৰিবেশৰ মাজতে ঐনিতমৰ তালে তালে নাচি বাগি আপোন পাহৰা হোৱা দেখা গ'ল ৰাইজক। প্ৰবেশদ্বাৰৰ পৰাই পৰম্পৰাগত নীতি নিয়ম অনুসৰি অভ্যাগতক আদৰণী জনয়।

author-image
Asomiya Pratidin
New Update
bvbbv

ডিজিটেল সংবাদ,ধেমাজিঃ   চিলাপথাৰ অঞ্চলৰ নৈপৰীয়া ভগৱান মিচিং গাঁৱত উদযাপিত হৈছে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পঃৰাগ উৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত উৎসৱৰ আজি দ্বিতীয় দিনাও ৰাইজৰ ব্যাপক উপস্থিতি পৰিলক্ষিত হয়।

Advertisment

সৰ্বত্ৰে উখল মখল পৰিবেশৰ মাজতে ঐনিতমৰ তালে তালে নাচি বাগি আপোন পাহৰা হোৱা দেখা গ'ল ৰাইজক। প্ৰবেশদ্বাৰৰ পৰাই পৰম্পৰাগত নীতি নিয়ম অনুসৰি অভ্যাগতক আদৰণী জনয়।

বিবাহ আৰু কৰ্মসূত্ৰে ৰাজ্যৰ বিভিন্ন স্থানত বসবাস কৰা জী-জোৱাইৰ লগতে দূৰ দূৰণিৰ পৰা অহা আলহীক এসাজ উদাই পূৰাই খোৱাইছে আয়োজক গাঁওখনে। বহু বছৰৰ পিছত সাক্ষাত হোৱা গাঁওখনৰ জীয়াৰী বোৱাৰী সকল আনন্দত আত্মহাৰা হৈ পৰে।

পঃৰাগ উৎসৱ