Advertisment

NIT শিলচৰৰ শ্ৰেষ্ঠ স্নাতক মৃগাংকজ্যোতিৰ সাফল্যত উৎফুল্লিত গাওঁবাসী

এন.আই.টি শিলচৰৰ অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ মৃৰ্গাংজ্যোতি চুতীয়াই ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিক গ্ৰেজুৱেট সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে তেওঁ অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ পৰা কালিকৃষ্ণ মৃণালিনী ক্ৰোৰী স্বৰ্ণ পদক লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
মৃৰ্গাংজ্যোতি চুতীয়া

ডিজিটেল সংবাদ,ধেমাজিঃ এন.আই.টি শিলচৰ অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ মৃৰ্গাংজ্যোতি চুতীয়াই ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিক গ্ৰেজুৱেট সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে তেওঁ অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ পৰা কালিকৃষ্ণ মৃণালিনী ক্ৰোৰী স্বৰ্ণ পদক লাভ কৰিছে। 

Advertisment

মৃগাংকজ্যোতি

উল্লেখ্য যে মেধাবী ছাত্ৰ মৃৰ্গাংজ্যোতিয়ে ২০১৭ চনত চিলাপথাৰ ডন বস্ক' হাইস্কুলৰ পৰা ৯৫ শতাংশ নম্বৰ লাভেৰে উৰ্ত্তীৰ্ণ হৈ ডিব্ৰুগড় ছল্ট ব্ৰ'ক একাডেমীত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ২০১৯ চনত ৮৪ শতাংশ নম্বৰ লাভ কৰিছিল।

পৰবৰ্তী সময়ত ২০২০ বৰ্ষত জে ই ই পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ এন আই টি  শিলচৰত মেকানিকেল বিভাগত নাম ভৰ্তি কৰি অধ্যয়নৰ অন্তত ২০২৪ বৰ্ষত এন আই টিৰ পৰা শ্ৰেষ্ঠ গ্ৰেজুৱেট অভিযন্ত্ৰা হিচাপে সন্মানসহকাৰে উত্তীৰ্ণ হয়।

মৃগাংকজ্যোতি

চলিত মাহৰ যোৱা ১৫ নৱেম্বৰত অনুষ্ঠিত হোৱা এন আই টি শিলচৰৰ  ২২ সংখ্যক বাৰ্ষিক শৈক্ষিক অভিবৰ্তনত মৃৰ্গাংজ্যোতিক এই সন্মানৰ বটাঁ প্ৰদান কৰে৷ ধেমাজি জিলা চিচিবৰগাঁও অঞ্চলৰ টকৌবাৰী গাঁৱৰ তথা ইউনাইটেড ট্ৰাইবেল হাইস্কুলৰ প্ৰধান শিক্ষক সঞ্জীৱ চুতীয়া আৰু ৰূপৰানী চুতীয়াৰ পুত্ৰ ৷

মেধাবী ছাত্ৰজনৰ এনে সাফল্যত গাওঁখনৰ ৰাইজে মৃৰ্গাংজ্যোতিক উষ্ম আদৰণি জনোৱাৰ লগতে সমগ্ৰ চিচিবৰগাঁও অঞ্চলটোৰ ৰাইজকেই এই সফলতাই আনন্দিত কৰি তুলিছে ৷ 

শিলচৰ এন আই টি