Advertisment

ধেমাজি এচ.এফ.এচ স্কুলত অভিভাৱক দিৱস উদযাপন...

প্ৰতি দুই বছৰৰ মূৰে মূৰে  অনুষ্ঠিত কৰি অহাৰ দৰে এই বাৰো  ধেমাজি এচ.এফ .এচ স্কুলৰ অভিভাৱক দিৱস ডিচেলাইট  ফিয়েষ্টা- ২০২৪ বৰ্ষৰ শুক্ৰবাৰে উদযাপন কৰে ৷ 

author-image
Asomiya Pratidin
New Update
ধেমাজি

ডিজিটেল সংবাদ ,ধেমাজিঃ  প্ৰতি দুই বছৰৰ মূৰে মূৰে  অনুষ্ঠিত কৰি অহাৰ দৰে এই বাৰো  ধেমাজি এচ.এফ .এচ স্কুলৰ অভিভাৱক দিৱস ডিচেলাইট  ফিয়েষ্টা- ২০২৪ বৰ্ষৰ শুক্ৰবাৰে উদযাপন কৰে ৷ 
বিয়লি ৪.৩০ বজাত ধেমাজি এচ এফ এচ স্কুলৰ মেনেজাৰ  ফাৰ্ডাৰ ড° জোছেফ থাজাথুকনেলৰ সৈতে 
পাছঁ গৰাকী বিশিষ্ট অতিথিয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷

Advertisment

ধেমাজি

ইয়াৰ আগে বিদ্যালয়ৰ ডিচেলাইট  মিউজিক বেণ্ড পাৰ্টিৰ প্ৰাৰ্থনাৰ আৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতেই আদৰণি নৃত্য প্ৰদৰ্শন কৰে বিদ্যালয়ৰ ডিচেলাইট ডেন্স গ্ৰুপে ৷ ইয়াৰ কিছু সময় পিছতেই  আদৰণি ভাষণ দিয়ে এচ .এফ .এচ স্কুলৰ অধ্যক্ষ  ফাৰ্ডাৰ ড° জৰ্জ ভি .এমএচ এফএচে ৷

আদৰণি ভাষণত  অধ্যক্ষ ফাৰ্ডাৰ ড° জৰ্জে উপস্থিত থকা সকলো অতিথিকে শুভেচ্ছা জনায় আৰু এচ এফ এচ স্কুলে প্ৰতিষ্ঠা হোৱা পৰা আজি দিনৰলৈকে ৪৫ বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে  বুলি উল্লেখ কৰি বিদ্যালয় খনৰ গৌৰৱোজ্বল ইতিহাস ৰোমন্থন কৰে ৷ অনুষ্ঠানত  অভিভাৱক প্ৰতিনিধি হিচাপে উপস্থিত থাকি  বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শৈক্ষিক সাংস্কৃতিক , খেলা ধূলাকে ধৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বিভিন্ন কামকাজলৈ শলাগ লয় ধেমাজি জিলা শ্ৰম বিষয়া ড° ভৱজিৎ দলেয়ে৷ অনুষ্ঠানত ধেমাজি জিলা উপ- আৰক্ষী অধীক্ষক  সিদ্ধেশ্বৰ বৰাই ন'পুৰণি শিক্ষা তুলনামূলক বিশ্লেষণ কৰি বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ৷

ধেমাজি

সভাত মুখ্য  অতিথি হিচাপে উপস্থিত থাকি  ভাষণ প্ৰদান কৰে  ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত  যাদৱ পেগু আৰু তেজপুৰৰ বিচপ মষ্ট ৰেভাৰেণ্ড মাইকেল আকাচিয়াছ টপোৰ লগতে উজনি অসমৰ পাছঁখন এচ এফ এচ স্কুলৰ অধ্যক্ষ সকলৰ লগতে ধেমাজি বিভিন্ন , কলেজ , স্কুল , অনুষ্ঠান, প্ৰতিষ্ঠানৰ  
প্ৰায়  এক শতাধিক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ৷

ধেমাজি

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে মিউজিকেল বেণ্ড ,ব্লুমিং কিডছ ফেশ্বন শ্ব ,ক্ৰমবৰ্ধমান তাৰকা লোক নৃত্য ,ডিস্কো ডেন্স ,অৰ্ধ ধ্ৰুপদী নৃত্য,গোল্ডেন ইয়াৰ্ছ হোম , স্কুল চালে হাম ,যোগ প্ৰদৰ্শন , টাইকোৱাণ্ডো ,গুৰু বন্দনা  ,সংগীত নাটক আৰু ভোৰতাল নৃত্যকে ধৰি বিভিন্ন  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত  কৰে ৷

ধেমাজি

ধেমাজি