Advertisment

“ঘিলামৰাৰ পৰা লণ্ডনলৈ: গগণ হাজৰিকাৰ এক বৰ্ণিল পৰিক্ৰমা”-গ্ৰন্থ উন্মোচন

অবিভক্ত ধেমাজি ঘিলামৰাৰ সু-সন্তান, অসম গৌৰৱ ,অসম সাহিত্য সভাৰ লণ্ডন শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লণ্ডন নিবাসী প্ৰয়াত গগণ হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে মঙ্গলবাৰে প্ৰয়াত গগণ হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচন আৰু শ্ৰদ্ধাঞ্জলি সভা অনুষ্ঠিত হয়৷

author-image
Asomiya Pratidin
New Update
“ঘিলামৰাৰ পৰা লণ্ডনলৈ: গগণ হাজৰিকাৰ এক বৰ্ণিল পৰিক্ৰমা”-গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,ধেমাজিঃ অবিভক্ত ধেমাজি ঘিলামৰাৰ সু-সন্তান, অসম গৌৰৱ ,অসম সাহিত্য সভাৰ লণ্ডন শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লণ্ডন নিবাসী প্ৰয়াত গগণ হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে মঙ্গলবাৰে ধেমাজি সাহিত্য সভা ভৱনত প্ৰয়াত গগণ হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচন আৰু শ্ৰদ্ধাঞ্জলি সভা অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে গগণ হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গগণ হাজৰিকাৰ জ্যেষ্ঠ ভগ্নী তৰুণী হাজৰিকাই ৷

Advertisment

ইয়াৰ পিছতেই ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত চিচিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা সাহিত্যিক পেঞ্চনাৰ বগেন গগৈয়ে লিখি উলিওৱা “ঘিলামৰাৰ পৰা লণ্ডনলৈ গগণ হাজৰিকাৰ এক বৰ্ণিল পৰিক্ৰমা” জীৱনী গ্ৰন্থ উন্মোচন কৰে মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈয়ে ৷

উন্মোচনী ভাষণত ড° কমল গগৈয়ে কয় যে, ১৯৬৫ চনতেই গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনৈতিক বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৬৬ চনত ডিব্ৰুগড়ৰ ডিব্ৰু কলেজত অধ্যাপক হিচাপে এবছৰ কাম কৰি থকা  অৱস্থাতেই এলাহাবাদ বিশ্ববিদ্যালয়ত গৱেষণা কৰা পৰবৰ্তী সময়ত ১৯৬৭ চনতেই তেতিয়াই ঘিলামৰাৰ পৰা লণ্ডনলৈ গৈ নিগাজীকৈ বসবাস কৰিছিল ৷ গগণ হাজৰিকাৰ জন্ম স্থান অবিভক্ত ঘিলামৰাৰ আছিল যদিও তেওঁৰ পিতৃ ৰবিচন্দ্ৰ হাজৰিকাই পৰবৰ্তী সময়ত অসম অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাৰ ধেমাজিৰ সুবাহী দৰে দুৰ্গম অঞ্চলৰ পৰাই গগণ হাজৰিকাক উচ্চ শিক্ষিত কৰি লণ্ডনলৈ প্ৰেৰণ কৰে। 

“ঘিলামৰাৰ পৰা লণ্ডনলৈ: গগণ হাজৰিকাৰ এক বৰ্ণিল পৰিক্ৰমা”-গ্ৰন্থ উন্মোচন

লণ্ডন চৰকাৰৰ উচ্চ পদস্থ প্ৰশাসনীয় চাকৰিৰ পৰা মহাকাশ অভিযানৰ ১৪ খন ৰাষ্ট্ৰ সমন্বয় সচিবলৈকে (BNSC) পৃথিৱীৰ বিখ্যাত ইউৰোপীয় দেশ সমূহৰ উমৈহতীয়া বিশাল সংস্থাত চাকৰি কৰা গগণ হাজৰিকা কেৱল ধেমাজিৰে নহয় তেওঁৰ অসমৰে গৌৰৱ বুলি 
উল্লেখ কৰে। তেনে মহান লোকজনৰ জীৱনী গ্ৰন্থ প্ৰকাশ কৰি লিখক বগেন গগৈয়ে মহান কাম কৰিলে বুলিও শলাগ লয় ৷

ইফালে বিগত ৫০ বছৰে লণ্ডনৰ স্থায়ী বাসিন্দা হোৱা গগণ হাজৰিকাই ২০১৭ চনৰ ১৭ ডিচেম্বৰতে মৃত্যু হয় যদিও তেওঁৰ পৰিয়ালবৰ্গ এতিয়াও লণ্ডনৰ বাসিন্দা বুলি উল্লেখ কৰে ৷ গ্ৰন্থ উন্মোচনী পূৰ্বে প্ৰয়াত গগণ হাজৰিকাৰ ভাতৃ দিবাকৰ হাজৰিকাই সভাৰ আদৰণি ভাষণ দি জ্যেষ্ঠ ভাতৃৰ কৰ্ম, চিন্তা, ধেমাজি ঘিলামৰাৰ পৰা সুদূৰ লণ্ডন যাত্ৰা আৰু লণ্ডনত থকা সুদীৰ্ঘ ৫০ বছৰীয়া জীৱন পৰিক্ৰমা,সমস্ত কাৰ্যক্ৰমণিকা, তেওঁৰ পৰিয়াল, লণ্ডনৰ সমাজৰ 
কিছু কৰ্ম আৰু চিন্তা, জীৱিত কালত ধেমাজি আৰু অসমৰ সৈতে থকা সঘন যোগাযোগ ইত্যাদিৰ এটি বিৱৰণ সবিস্তাৰে দাঙি ধৰে। 

“ঘিলামৰাৰ পৰা লণ্ডনলৈ: গগণ হাজৰিকাৰ এক বৰ্ণিল পৰিক্ৰমা”-গ্ৰন্থ উন্মোচন

সভাত গ্ৰন্থখনৰ লেখক বগেন গগৈয়ে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিব্য চুতীয়া, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী প্ৰসাদ বৰগোহাঁই আৰু ধেমাজি মহাবিদ্যালয়ৰ অৰ্থনৈতিক  বিভাগৰ অধ্যাপক দিগন্ত হাজৰিকাই ৷

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ গগৈ, ধেমাজি সাহিত্য সভাৰ সভাপতি ড° লক্ষী বৰগোহাঁই, বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ কোঁৱৰ আৰু ধেমাজি ৰূপনাথ ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জ্যেষ্ঠ নাগৰিক কমল বাইলুঙে বক্তব্য ৰাখে ৷ শেষত শলাগৰ শৰাই আগবঢ়ায় গগণ হাজৰিকাৰ ভতিজা হেমাংগ হাজৰিকাই ৷

ঘিলামৰা গ্ৰন্থ উন্মোচন