Advertisment

ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত শ্ৰমিক কল্যাণ দিৱস উদযাপন...

চাহ শ্ৰমিক নেতা শ্বহীদ সন্তোষ তপ্ন দেৱৰ  জন্ম দিনৰ উপলক্ষে শনিবাৰে ধেমাজি জিলা শ্ৰম বিভাগৰ উদ্যোগত ধেমাজি ৰাজহুৱা   প্ৰেক্ষাগৃহত শ্ৰমিক কল্যান দিৱস পালন কৰা হয় ৷পুৱা শ্বহীদ গৰাকীৰ প্ৰতিছৱিত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে জিলা...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ধেমাজি

ডিজিটেল সংবাদ , ধেমাজিঃ চাহ শ্ৰমিক নেতা শ্বহীদ সন্তোষ তপ্ন দেৱৰ  জন্ম দিনৰ উপলক্ষে শনিবাৰে ধেমাজি জিলা শ্ৰম বিভাগৰ উদ্যোগত ধেমাজি ৰাজহুৱা   প্ৰেক্ষাগৃহত শ্ৰমিক কল্যান দিৱস পালন কৰা হয় ৷পুৱা শ্বহীদ গৰাকীৰ প্ৰতিছৱিত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে জিলা শ্ৰম বিষয়া ড° ভৱজিৎ দলেই ৷ইয়াৰ পিছতেই অনুষ্ঠিত কৰা সভাত ধেমাজি জিলা আয়ুক্তৰ উপস্থিতিত  শ্ৰমিকৰ পৰিয়ালৰ  সন্তানৰ কৃতিত্ব আৰু বিভিন্ন চৰকাৰী আঁচনিৰ শিতানত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় ৷ সভাত জিলা শ্ৰম  বিষয়া  ড° ভৱজিৎ দলেই শ্ৰমিকসকলক নিজৰ পাপ্য অধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান জনায় ।

Advertisment

তেওঁ কয় ’ চৰকাৰে শ্ৰমিকৰ কল্যানৰ হকে চৰকাৰে কেতবোৰ আঁচনি গ্ৰহন কৰিছে ৷গোগামুখত  চৰকাৰী ভাৱে এল এণ্ড টি  উদ্যোগত দক্ষতা বিকাশ ৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে যদিও জিলাখনৰ শ্ৰমিক সকলৰ মাজত সজাগতা অভাৱ ৷ সেয়ে সকলোৱে আগবাঢ়ি আহিব লাগে প্ৰয়োজনত মই নিজে গৈ পঞ্জীয়ন কৰি আহিম ৷ সভাত ধেমাজি জিলা আয়ুক্ত  ৰাহুল সুৰেশ জাভীৰে  শ্ৰমিকসকলক শুভেচ্ছা জনাই ই- শ্ৰম পৰ্টেলত  নাম  পঞ্জীয়ণ কৰি  চৰকাৰী সুবিধা আদায় কৰিবলৈ আহ্বান জনায় আৰু জিলাখনৰ শ্ৰমিক সকলৰ  সৈতে একগোট হৈ  সঘনাই  সভা সমিতি অনুষ্ঠিত কৰি খা-খৱৰ লৈ থাকিবলৈ জিলা শ্ৰম বিষয়াক পৰামৰ্শ দিয়ে ৷

সভাত ডায়েটৰ শিক্ষক ইন্দ্ৰজিৎ গামে শ্ৰমিক কল্যান দিৱসৰ তাৎপৰ্য ওপৰত  ভাষণ  আগবঢ়ায় ৷ ধেমাজি প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদূণ্য ভৰালীয়ে সভাত উপস্থিত থাকি  চাহ শ্ৰমিকৰ নেতা প্ৰয়াত সন্তোষ তপ্ন দেৱৰ জন্ম উপলক্ষে আয়োজিত  বিশেষ দিনটো শ্ৰমিকৰ মৰ্যাদা ,অধিকাৰ আৰু পাপ্যৰ বাবে সংকল্প লোৱা দিন ৷ যি গৰাকী মহান নেতাৰ বলিষ্ঠ ভূমিকা আছিল চাহ জনগোষ্ঠীৰটোৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশ উত্তৰণৰ ক্ষেত্ৰত ।

দেশ নিৰ্মাণত শ্ৰমিকে হৈছে চালিকা শক্তি ৷কিন্তু সজাগতাৰ অভাৱত আজিও বহুতো শ্ৰমিকৰ পৰিয়াল শোষিত বঞ্চিত আৰু অৱহেলিত হৈ আছে৷ চৰকাৰে আচঁনি ৰূপায়ণ কৰিলেও স্পৰ্শ কৰা নাই একাংশ শ্ৰমিকক । সেয়ে সজাগতাৰ জৰিয়তে নিজৰ পাপ্য অধিকাৰ সাৱ্যস্ত কৰিবলৈ প্ৰেছ ক্লাৱৰ সম্পাদক গৰাকীয়ে আহ্বান  জনায় ৷

উল্লেখ্য যে আজি সভাতে  ধেমাজি জিলাখনৰ মুঠ ছয় হেজাৰ গৰাকীৰ  ভিতৰত দহ জনক  স্কুলাৰশ্বীপৰ চেক, মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক  মুঠ ৯৯গৰাকীক চেক , পেঞ্চন ১৭৫জনক আৰু প্ৰসুতিকালীন সুবিধাৰ চেক এগৰাকীক দিয়া হৈছে ৷ সভাত বিশিষ্ট অতিথি হিচাপে  ধেমাজি নগৰ ব্যৱসায় সন্হাৰ সম্পাদক ৰানা দেউৰী, সাংবাদিক অসীম দত্ত,এন এইচ পি চিৰ  চোমা কোম্পানীৰ এচ.কে হালদাৰ, ধেমাজিৰ প্ৰশান্ত চাংমাই , অংকিত প্ৰসাদ আৰু অসম গৃহ আৰু অন্যান্য নিৰ্মাণ কল্যান পৰিষদৰ স্কুটিনী সমিতিৰ সদস্য ক্ৰমে প্ৰবীন গগৈ ,বিশ্বজিৎ মেহেংগীয়া আৰু কংকণজ্যোতি ভূঁঞাই  উপস্থিত থকাৰ লগতে  জিলাখনৰ জোনাই , গোগামুখ , চিলাপথাৰ , ধেমাজি আদি বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকৰ সংগঠনৰ নেতৃত্ব আৰু শ্ৰমিক ৰাইজ উপস্থিত থাকে ৷ 

ধেমাজি