Advertisment

ধেমাজিৰ আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ ঘৰতে শিশু নিৰ্যাতন...

এটি ৯ বছৰীয়া বনকৰা কন্যা শিশুক অকথ্য নিৰ্যাতন চলাই আৱদ্ধ কৰি ৰাখি শেষত শিশুটিয়ে নিৰ্যাতন সহিব নোৱাৰি ঘৰ এৰি কাহিলি পুৱাই পলায়ন  কৰিব লগীয়া হোৱা ঘটনাই মঙ্গলবাৰে ধেমাজি ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ 

author-image
Asomiya Pratidin
New Update
dhemaji

ডিজিটেল সংবাদ ,ধেমাজিঃ  এটি ৯ বছৰীয়া বনকৰা কন্যা শিশুক অকথ্য নিৰ্যাতন চলাই আৱদ্ধ কৰি ৰাখি শেষত শিশুটিয়ে নিৰ্যাতন সহিব নোৱাৰি ঘৰ  এৰি কাহিলি পুৱাই পলায়ন  কৰিব লগীয়া হোৱা ঘটনাই মঙ্গলবাৰে ধেমাজি ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ 

Advertisment

ঘটনাৰ তথ্য অনুসৰি মঙ্গলবাৰে পুৱাই ধেমাজি আৰক্ষী থানা পৰা প্ৰায়  আধা কিলোমিটাৰ নিলগৰ এৰাধলৰ ২ বাৰ্ডত  এটি ৯ বছৰীয়া কন্যা শিশুয়ে গাওঁখনৰ মুকলি পথাৰৰ এটি পুখুৰীৰ পাৰত নিয়ৰত
তিঁতিবুৰি ৰৈ থকা দেখা পায়  স্হানীয় দেৱজিৎ গগৈ আৰু  সুশাংকৰ কাকতি নামৰ দুই  ব্যক্তিয়ে ৷

প্ৰথম অৱস্থাত ওচৰে কোনো শিশুয়ে ৰৈ আছে বুলি আংশকা কৰি সুশাংকৰ কাকতিয়ে গুৰুত্ব দিয়া নাছিল যদিও একে সময়তে ওচৰৰ দেৱজিৎ গগৈয়ে শিশুটিক একেধৰনে বহু সময় ধৰি ৰৈ থকা দেখা পায় 
বিষয়টো কি জানিবলৈ শিশুটিৰ কাষ চাপে ৷আৰু শিশুটিক সোধাপোচা কৰে ৷ শিশুটিয়ে সকলো কথা বিৱৰি কোৱাত তেওঁ বিবুদ্ধিত পৰি ততাতৈয়াৰকৈ ওচৰতে থকা সুশাংকৰ কাকতিক সকলো কথা
অবগত কৰাত লগে লগেই কাকতিয়ে ধেমাজি শিশু  কল্যান সমিতিৰ সদস্যা ৰঞ্জনা দত্ত নামৰ সদস্যা গৰাকীলৈ ফোন যোগে জনোৱাত  তাৎক্ষণিকভাৱে সদস্যা গৰাকীয়ে ব্যৱস্থা গ্ৰহন কৰি শিশুটিক গাওঁখনৰ মিৰিপুখুৰীৰ পৰা উদ্ধাৰ কৰি আনে ৷

ইতিমধ্যে  ধেমাজি কল্যান সমিতিৰ সমিতিৰ অধ্যক্ষা ৰূপালী ডেকা বৰ গোঁহাইৰ তত্বৱধানত শিশুটিক বিয়লি পৰ্যন্ত সোধাপোচা কৰা লগতে বিয়লিৰ জিলা শ্ৰম বিষয়াৰ সৈতে যোগাযোগ অবাহত ৰাখিছে ৷ শিশু কল্যান সমিতিয়ে দিয়া তথ্য অনুসৰি  ইতিমধ্যে শিশুটিৰ ঘৰ চিলাপথাৰ কেণ্দুগুৰি মিন্টু দিহিঙীয়াৰ ৯ বছৰীয়া কন্যা বুলি চিনাক্ত কৰিছে ৷

ঘৰখনত অনবৰতে মদ্যপান কৰি শিশুটিক মাৰধৰ কৰি থকা বাবেই  মাতৃয়ে ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী ঘনকৃষ্ণ(ভাই) পেগুক এহেজাৰ টকাত বিক্ৰী কৰি দিয়া লগতে শিশুটিক জিলা
আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী পেগুৱে পঢ়াশুনা কৰাই লোৱা প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত ইয়াৰ পৰিবৰ্তে পেগুৰ
পৰিয়ালবৰ্ষই শিশুটিক অকথ্য নিৰ্যাতন চলাই পৰিয়ালৰ লৰাছোৱালী কাপোৰকানি ধুবলৈ দিয়া
লগতে ঘৰখনৰ অত্যাধিক কামকাজ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ৷

আন নালাগে শিশুটিক বিয়লি প্ৰায় বাৰ/ এক মান পৰ্যন্ত ভাত খাবলৈ নিদিয়ে আৰু ৰাতি  ঘৰৰ পকাত এখন কাপোৰ পাৰি শুৱলৈ দিয়ে বুলি কয়  ৷ এনে  অকথ্য নিৰ্যাতন সহিব নোৱাৰি মঙ্গলবাৰে পুৱাই ঘৰৰ গেট খুলি পলায়ন কৰিবলৈ বাধ্য হোৱা বুলি শিশুটিয়ে ভাষ্য দিয়ে ৷ শিশু কল্যান  সমিতিয়ে শিশুটিৰ মাতৃকো ইতিমধ্যে কাৰ্য্যালয়ত আনি শিশুটিৰ সৈতে  লগ লগাই দিয়া পিছতো শিশুটিয়ে পিতৃ মাতৃ ওচৰলৈ নেযাওঁ মোক সিহঁতে মাৰিব বুলি কৈ ফেকুঁৰি ফেকুঁৰি ধৰা কাৰ্য্যয়ে উপস্থিত সকলোকে হতহম্ভ কৰি তুলিছে ৷

ধেমাজি শিশু  কল্যান সমিতিয়ে জিলা শিশু সুৰক্ষা সমিতিৰ কাৰ্য্যালয়ৰ সৈতে বিষয়টো আলোচনা কৰি শিশুটিক ইতিমধ্যে মাছখোৱা গৃহত ৰাখিবলৈ ব্যৱস্থা গ্ৰহন কৰিছে আৰু তদন্ত অবাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

ধেমাজি