/asomiyapratidin/media/media_files/2025/01/28/34m3x2dtknqOoSAhA177.jpg)
ধেমাজি...
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে সোমবাৰে ধেমাজি সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰন নিৰ্বাচনত ৰনজিত চিৰিঙক সভাপতি, উষা বৰগোঁহাই উপ-সভাপতি আৰু প্ৰেমানন্দ তালুকদাৰে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷
নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ধেমাজি জিলা সাহিত্য সভাৰ জৰুৰী কাৰ্যকৰী সভাত নন্দেশ্বৰ বৰগোহাঁইক মুখ্য নির্বাচনী বিষয়া হিচাপে আৰু বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ তিলেন গগৈ আৰু জেষ্ঠ্য অধিবক্তা প্ৰশান্ত কোঁচক নিৰ্বাচন সমিতিৰ সদস্য আৰু বিনোদ কুমাৰ গগৈক সভাপতি হিচাপেলৈ নির্বাচনী সমিতি গঠন হৈছিল ।
সোমবাৰে ধেমাজি সাহিত্য সভা ভৱনত পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজাৰ লৈকে ভোটদান অনুষ্ঠিত হয়৷ বিয়লি ১.৩০ বজাৰ পৰা ভোট গণনা আৰু ফলাফল ঘোষণা কৰে ৷ ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত ২৫ খন সক্রিয় শাখা সাহিত্য সভা ভোটদান কৰে ৷ সোমবাৰে ভোটদানত অসম সাহিত্য সভাৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা পৰ্যবেক্ষক হিচাপে উপস্হিত থাকে ৷
ভোটগ্রহণ কক্ষত ধেমাজি জিলা সাহিত্য সভাৰ জিলা কার্যনির্বাহক সমিতিৰ সক্রিয় সদস্য-সদস্যাৰ উপৰিও নিৰ্বাচনী সমিতিৰ সভাপতি বিনোদ কুমাৰ গগৈ উপস্থিত থাকে ৷ ভোট গণনাৰ অন্তত নিৰ্বাচিত তিনিও গৰাকী বিজয়ী প্রার্থীক মুখ্য নিৰ্বাচনী বিষয়া নন্দেশ্বৰ বৰগোঁহাইয়ে বিজয়ী প্ৰমান প্ৰত্ৰ প্ৰদান কৰে ৷ ভোট গ্ৰহনত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ বগেন গগৈ আৰু বীনা সন্দিকৈয়ে ভোটগননকাৰী হিচাপে উপস্হিত থাকে ৷
নৱ নিবাৰ্চিত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰনজিত চিৰিং , উপ- সভাপতি উষা বৰগোঁহাই আৰু সাধাৰণ সম্পাদক প্ৰেমানন্দ তালুকদাৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিঞ্চু শৰ্মা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰন সম্পাদক জয়ন্ত বৰগোঁহাই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, ধেমাজি জিলা হাইস্কুল শিক্ষক সন্থা, ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যদু গগৈ, সম্পাদক দুৰ্গা বৰা, ধেমাজি জিলা মইনা পাৰিজাত, ধেমাজি জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বাবুল বুঢ়াগোঁহাই আদি বিভিন্ন দলসংগঠনে শুভেচ্ছা আৰু অভিনন্দন জনায় ৷