ডিজিটেল সংবাদ ,ধেমাজিঃ পিংক ৰৌজ এন্টাট্ৰেইনমেন প্ৰেজেন্ট প্ৰডাকচনৰ ৰূপালী জয়ন্তীৰ
শুভক্ষণৰ প্ৰাকমুহূৰ্ত্তত সোমবাৰে সন্ধিয়া ধেমাজি আবৰ্ত্তভৱনৰ সন্মুখৰ গান্ধী ময়দানৰ সমীপত ৰূপৰে ৰূপালী এলবাম-২০২৫ গৌতম কোঁৱৰৰ নিবেদন “পাহি” বিহুগীতৰ উন্মোচন কৰে সদৌ তাই আহোম ছাত্ৰ সন্হাৰ উপ-সভাপতি মনোজ গগৈয়ে ।
পাহি” এলবামত কথা-সুৰ, সংগীত বিমান বৰুৱা , কণ্ঠদান দিছে গৌতম কোঁৱৰ আৰু নীলাক্ষী নেওগে , অভিনয়ত আছে অষ্ট্ৰিয়ানা দিহিঙীয়া আৰু মাধূৰ্য্য বৰগোহাঁইয়ে ৷ভিডিঅ পৰিচালকত ৰূপজ্যোতি বড়া ,সহ পৰিচালক হিচাপে কেশৱ চেতিয়া,ভিডিঅ সম্পাদনা মানস কাশ্যপ আৰু শব্দ সংমিশ্ৰনত আছে জিন্টু বৰদলৈয়ে ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি দেৱজিত দাসে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰডাকচনটিৰ ২৫ বছৰ হোৱা উপলক্ষে সভাত উপস্থিত থকা বিশিষ্ট বক্তি সকলে ২৫ গছি বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷ ধেমাজি ভেহপৰা অঞ্চলৰ নিবাসী বিশিষ্ট কণ্ঠশিল্পী গৌতম কোঁৱৰে বিগত দুহেজাৰ চনতেই প্ৰথম “গানে কি আনে” ৰোমাণ্টিক গীতৰ লগতে বহুকেইটা নতুন গীতৰে সমাজত সমাদৰ লাভ কৰা পৰবৰ্তী সময়ৰ পিছত সোমবাৰে এই নতুন বিহুগীতৰ “পাহি” উন্মোচন হয় ৷
সাংস্কৃতিক, বিশিষ্ট কণ্ঠশিল্পী গৰাকীৰ সৃষ্টিৰাজীক প্ৰশংসাৰে সন্মান জনাই বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত কৃষি বিষয়া অপূৰ্ব বৰুৱা, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই , ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী ড° বনজিত ভট্ট ,বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোহাঁই , অধ্যাপক তথা বিশিষ্ট প্ৰৱন্ধকাৰও সাংস্কৃতিক কৰ্মী দিগন্ত কাকতি , গল্পকাৰ দীপক গগৈ, চলচ্চিত্ৰ অভিনেতা তথা বিশিষ্ট ব্যৱসায়ী নীপ কোঁৱৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন চেতিয়া , শিল্পী গৰাকীৰ পিতৃ দেৱ কোঁৱৰ , নাট্যকৰ্মী মুক্তা দিহিঙীয়া , বিশিষ্ট ব্যৱসায়ী দ্বয় মুহি বৰগোহাঁই আৰু দিপক কলিতাৰ প্ৰমুখ্যে বহকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ অনুষ্ঠানত শিল্পী পৰিয়ালৰ ফালৰ পৰা অতিথি সকলক ফোলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷
উন্মোচনীৰ পূৰ্বে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কণ্ঠশিল্পী ড° শংকৰ পাটোৱাৰীয়ে প্ৰডাকচনটিৰ ৰূপালীৰ বৰ্ষৰ কেক্ কাটি বিশিষ্ট কণ্ঠশিল্পী গৌতম কোঁৱৰৰ সৈতে বিভিন্ন সময়ত হোৱা সাংস্কৃতিক ক্ষেত্ৰখনৰ দিশ সমূহৰ বিষয়ে ৰোমন্থন কৰে ৷ উন্মোচনী অনুষ্ঠানতে পৰিয়ালবৰ্গই ঢকুৱাখানাৰ কণ্ঠশিল্পী অক্ষয়পিত গগৈ আৰু সাংস্কৃতিক কৰ্মী শংকৰ গগৈকো সম্বৰ্ধনা জনোৱা হয় ৷