Advertisment

ভয়ংকৰ কাণ্ডঃ অনিয়মকেই নিয়ম কৰিছে ধেমাজি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে...

ধেমাজি ৰাজহ চক্ৰৰ বিষয়া কাৰ্য্যালয়ত আনৰ নামত থকা মাটি অন্যৰ লোকৰ নামত নামজাৰি কৰাবলৈ গ্ৰহণ কৰা নিকৃষ্ট পন্থাই সকলোকে হতচকিত কৰি তুলিছে।  মণ্ডল আৰুএকাংশ কৰ্মচাৰী মিলি

author-image
Asomiya Pratidin
New Update
dhemaji

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি ৰাজহ চক্ৰৰ বিষয়া কাৰ্য্যালয়ত আনৰ নামত থকা মাটি অন্যৰ লোকৰ নামত নামজাৰি কৰাবলৈ গ্ৰহণ কৰা নিকৃষ্ট পন্থাই সকলোকে হতচকিত কৰি তুলিছে।  মণ্ডল আৰুএকাংশ কৰ্মচাৰী মিলি মৃত স্বামীৰ দ্বিতীয় পত্নীক স্বাক্ষৰ জালিয়াতিৰে কাগজে-কলমে দেখালে  কন্যা হিচাপে । যাৰ ফলত প্ৰথমা পত্নী থকাৰ পাছতো মৃত নয়নমণি গগৈৰ ভৃ সম্পত্তিৰ মালিকীস্বত্ব বক্ৰপথেৰে লাভ কৰিলে দ্বিতীয় পত্নীয়ে। 

Advertisment

ঘটনাৰ অভিযোগ অনুসৰি ধেমাজি  হাতীগড়ৰ কছৈটিং গাওঁৰ মৃত নয়মনি গগৈৰ নামত থকা ২ নং কছৈটিং গাওঁৰ ৪ বিঘা ৩কঠা ৩লোচা মাটিৰ ভিতৰত ২ বিঘা ১কঠা ১২লোচা মাটি অবৈধ পন্থাৰে মণ্ডলৰ সৈতে মিলি হস্তগত কৰে দ্বিতীয় পত্নীয়ে। ভয়ংকৰ কথাটো হৈছে, সেই মাটিখিনি হস্তগত কৰিবলৈ দুই মণ্ডলে দ্বিতীয় পত্নীক কাগজে-কলমে মৃত নয়নমণি গগৈৰ কন্য়া হিচাপেহে দেখুৱায়।

পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, জীৱিত পট্টাদাৰৰ অজ্ঞাতে সম্পূৰ্ণ জালিয়াতিৰে অতি গোপনে ধনৰ লেনদেনৰ জৰিয়তে লাট মণ্ডল দ্বয় হেমন্ত গগৈ আৰু ৰাকেশ দাউ , কাননগো আৰু তদানীন্তন ৰাজহ চক্ৰ বিষয়াৰ DHE/DHE/২৩-২৪/২০২৪০০০৭৩০/FPART নম্বৰ আদেশ যোগে ২০২৩ চনৰ ৩ অক্টোবৰত মৃত নয়নমনি গগৈৰ দ্বিতীয় পত্নী সৰোজিনী গগৈক নয়নমনি গগৈৰ জীয়েক সজাই সৰোজিনী গগৈ আৰু তেওঁৰ পুত্ৰ দীপ গগৈৰ দুয়োৰে নামত মুঠ ৪ বিঘা ১ কঠা ১২ লোচা মাটি নামজাৰি কৰা দিয়া কেলেংকাৰী তথ্য পোহৰলৈ আহিছে ৷

ইফালে অভিযোগকাৰী দিয়া তথ্য অনুসৰি ২০২৩ চনৰ ১৩ অক্টোবৰলৈকে তদানীন্তন ৰাজহ চক্ৰ বিষয়া অচ্যুত বৰুৱা , উপাসনা দুৱৰা আৰু নেকিৱ চৈয়দ বৰুৱা সৈতে  তিনিজন ৰাজহ চক্ৰ বিষয়া  আৰু দুজন লাট মণ্ডল হেমন্ত গগৈ আৰু ৰাকেশ দাউয়ে বিভিন্ন সময়ত কৰা স্বাক্ষৰ ভিত্তিতহে এনে ভয়ংকৰ কেলেংকাৰী কাণ্ড সংঘটিত হৈছে ৷

প্ৰথমা পত্নী আৰু দুই ভাতৃ থকা পিছতো কি কৌশলেৰে দ্বিতীয় পত্নী সৰোজিনী গগৈক ৰাজহ চক্ৰ বিষয়া
কাৰ্য্যালয়ে জীয়েক সজাই  দুই ঠাইত নামজাৰি কৰাই দিয়াক লৈ ব্যাপক ৰহস্যৰ  সৃষ্টি কৰিছে ৷ ঘটনাৰ তথ্য
পোহৰলৈ অহা পিছত মৃত নয়নমণি গগৈৰ ভাতৃ তথা  পট্টাদাৰ প্ৰণৱ গগৈ আৰু  বিনোদ গগৈয়ে ধেমাজি ৰাজহ চক্ৰ বিষয়া মনালী ৰজতক বাৰম্বাৰ অভিযোগ দিয়া পিছতো ৰাজহ চক্ৰ বিষয়া আৰু লাট মণ্ডল দ্বয়ে এনে কেলেংকাৰী গাপ দি লুকুৱাই ৰখাৰ চেষ্টা অবাহত ৰাখিছে ৷ইতিমধ্যে উপায়ন্তৰ হৈ অভিযোগকাৰীয়ে ৰাজহ চক্ৰ বিষয়া আৰু মাট মণ্ডলৰ বিৰুদ্ধে আদালত গোচৰ দিয়া প্ৰস্তুতি চলাইছে। 

 

ধেমাজি