Advertisment

ধেমাজি জিলা উকীল সন্থাৰ ৫৪তম বাৰ্ষিক সাধাৰণ সভা...

ধেমাজি জিলা উকীল সন্হাৰ ৫৪ তম বাৰ্ষিক  সাধাৰণ সভাখনি শনিবাৰে জিলা উকীল সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় ৷ পুৱা ৭.৩০ বজাত জিলা উকীল সন্থাৰ উপ-সভাপতি

author-image
Asomiya Pratidin
New Update
ধেমাজি

ধেমাজি Photograph: (ধেমাজি)

ডিজিটেল সংবাদ ,ধেমাজিঃ  ধেমাজি জিলা উকীল সন্হাৰ ৫৪ তম বাৰ্ষিক  সাধাৰণ সভাখনি শনিবাৰে জিলা উকীল সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় ৷ পুৱা ৭.৩০ বজাত জিলা উকীল সন্থাৰ উপ-সভাপতি
প্ৰশান্ত কোঁচৰ নেতৃত্বত সমাপন হোৱা সামূহিক চাফাই কাৰ্য্যসূচীৰে  অনুষ্ঠানৰ শুভাৰম্ভণি হয় ৷

Advertisment

পুৱা ৯ বজাত পতাকা  উত্তোলন কৰে জিলা  উকীল সন্থাৰ সভাপতি যুগল  বুঢ়াগোহাঁইয়ে ৷ পুৱা ৯.৩০ বজাত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানটি সমাপন কৰে ধেমাজি জিলা উকীল সন্থাৰ প্ৰাক্তন সভাপতি কেশৱ চন্দ্ৰ সোনোৱালে ৷

পুৱা ১০ বজাত জিলা উকীল সন্থাৰ সভাপতি যুগল বুঢ়াগোহাঁইৰ পৰিচালনাত  স্মৃতি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্যে ব্যাখা কৰে স্মৃতিৰ গ্ৰন্হৰ মুখ্য সম্পাদক প্ৰশান্ত কোঁচে ৷ ইয়াৰ আগেৰ দিলীপ বৰপাত্ৰগোঁহাই আৰু মিনাক্ষী সোনোৱালৰ নেতৃত্বত সন্থাৰ ৰ্শীষ সংগীত পৰিৱেশন হয় ৷

সভাত জিলা উকীল সন্থাৰ  গ্ৰন্থ “ ন্যায় ৰথ” উন্মোচন কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে৷  বিয়লিলৈ জিলা উকীল সন্হাৰ সভাপতি যুগল বুঢ়াগোহাঁইৰ সভাপতিত্বত মুকলি সভা
অনুষ্ঠিত হয় ৷

মুকলি সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সাধাৰণ সম্পাদক হৰেন চেতিয়াই  ৷ সভাত কেশৱ চন্দ্ৰ 
সোনোৱাল, ফটিক চন্দ্ৰ বৰুৱা , ৰেৱত চন্দ্ৰ গোহাঁই , নন্দেশ্বৰ বুঢ়াগোহাঁইকে ধৰি  বহকেইগৰাকী জ্যেষ্ঠ অধিবক্তাই উপস্থিত থাকে ৷ সভাত জ্যেষ্ঠ অধিবক্তা ফটিক বৰুৱা আৰু যশস্বী সন্দিকৈৰ দ্বাৰা স্ব-ৰচিত কবিতা পাঠ কৰে ৷

সভাই আগুন্তুক ২০২৫ বৰ্ষৰ বাবে   প্ৰশান্ত কোঁচক সভাপতি , গুণিণ ফুকন আৰু মুনিন্দ্ৰ চুতীয়াক উপ-সভাপতি , জোনমণি চুতীয়াক সাধাৰণ সম্পাদক , প্ৰাঞ্জল প্ৰতিম  নেওগ আৰু গীতিমা বৰপাত্ৰগোহাঁইক যুটীয়া সম্পাদক , শুচিব্ৰত বুঢ়াগোহাঁইক সহকাৰী সম্পাদক , শিবু গগৈক গ্ৰন্হাগাৰ সম্পাদক আৰু আন ছয় গৰাকীক কাৰ্য্যনিৰ্বাহক সদস্যৰ সৈতে   এখনি ১৩ জনীয়া ধেমাজি জিলা উকীল সন্থা গঠন কৰে৷ 

ধেমাজি