Advertisment

এ পি এছ চি পৰীক্ষাত উজ্বলিল সংযুক্তা গগৈ আৰু বিপ্লৱ কলিতা...

বৃহস্পতিবাৰে  ঘোষিত অসম লোক আয়োগৰ পৰীক্ষাৰ  ফলাফলত ধেমাজি হাতীগড়ৰ সংযুক্তা গগৈয়ে ২৮ নম্বৰ স্হানত এচিএচ পাবলৈ সক্ষম হৈছে ৷ ধেমাজি বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰাগজ্যোতি গগৈ আৰু মাতৃ পল্লবী গগৈৰ জ্যেষ্ঠ কন্যা

author-image
Asomiya Pratidin
New Update
এ পি এছ চি

ডিজিটেল সংবাদ ,ধেমাজিঃ বৃহস্পতিবাৰে  ঘোষিত অসম লোক আয়োগৰ পৰীক্ষাৰ  ফলাফলত ধেমাজি হাতীগড়ৰ সংযুক্তা গগৈয়ে
২৮ নম্বৰ স্হানত এচিএচ পাবলৈ সক্ষম হৈছে ৷ ধেমাজি বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰাগজ্যোতি গগৈ আৰু মাতৃ পল্লবী গগৈৰ জ্যেষ্ঠ কন্যা সংযুক্তা গগৈৰ সফলতাই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীকেই  উৎফুল্লিত কৰি তুলিছে ৷

Advertisment

নিজৰ সফলতাৰ বিষয়ে  আনন্দ প্ৰকাশ কৰি সংযুক্তাই কয় যে একাগ্ৰতাভাৱে নিজে ভাল পোৱা বিষয়টো ভালকৈ অধ্যয়ন কৰিলে সেই দিশত সফল হ'বই নিশ্চিত ৷ ২০১৩ চনত ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা সংযুক্তাই চেন্টেল ইনষ্টিটিউট অফ টেকনোলজী  ( চি আই টি) কোকোৰাঝাৰৰ পৰা ২০২০ চনত ইলেকট্ৰিক এণ্ড টেলিকমিনিকেশ্বন বিভাগত ডিপ্লোমা অভিযন্ত্ৰা হিচাপে  উৰ্ত্তীৰ্ণ হোৱা পৰৰ্বত্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটী জালুকবাৰী পৰাও স্নাতক অভিযন্ত্ৰা ডিগ্ৰী গ্ৰহন কৰিছিল সংযুক্তাই ৷

এই প্ৰতিযোগিতাৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হ'বলৈ সংযুক্তাই  দৈনিক ৬/৭ ঘন্টাকৈ পঢ়াশুনা কৰিছিল ৷ তিনিবাৰকৈ অৱৰ্তীন হৈ হোৱা সংযুক্তাই সফলতা লাভ কৰি অতি আনন্দিত হৈছে ৷ নৱপ্ৰজন্মৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰি কয় যে যি কোনো  প্ৰতিযোগিতাৰ পৰীক্ষাত এবাৰতে সম্ভৱ নহলে বাৰে বাৰে চেষ্টা কৰিলে সফল হ'বই  বুলি উল্লেখ কৰে ৷

ভৱিষ্যতে মই শিক্ষা , পৰিৱেশ আৰু স্বাস্থ্য খণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব বিচাৰোঁ ৷ এই তিনিটা দিশ   ভাল হৈ গ'লে অসমখন উন্নতি হোৱা ক্ষেত্ৰত কোনো কাৰনতে বাধা সৃষ্টি হ'ব নোৱাৰে ৷ এইবাৰ অসম  লোক সেৱা আয়োগৰ প্ৰতিযোগিতাৰ পৰীক্ষাত কোনো দুৰ্নীতি হোৱা নাই  বুলি অনুভৱ কৰিছোঁ ৷

ইফালে ধেমাজি মহকুমাৰ কল্যাণ বিভাগৰ কাৰ্য্যালয়ত  সহায়ক হিচাপে কৰ্মৰত তথা গুৱাহাটী মহানগৰৰ  মালিগাঁওৰ ৰতন চন্দ্ৰ কলিতা  আৰু অঞ্জলী কলিতাৰ কনিষ্ঠ পুত্ৰ বিপ্লৱ কলিতাই অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ১৯ নম্বৰ স্হান পায়  সহকাৰী গাণনিক বিষয়া  হিচাপে লাভ কৰিবলৈ সক্ষম হৈছে ৷

২০২০ চনতে স্নাতক ডিগ্ৰী লাভ কৰা বিপ্লৱে ধেমাজি মহকুমাৰ কল্যাণ বিভাগৰ কাৰ্য্যালয়ত চাকৰি সূত্ৰে ধেমাজি চৌখাম গাঁৱৰ ফটিক চুতীয়াৰ বাসগৃহত ভাড়াতীয়া হিচাপে আছিল ৷ আজি ডেৰ বছৰে  ভাড়াতীয়া হিচাপে থকা  বিপ্লৱৰ সাফল্যত ঘৰৰ গৰাকী ফটিক চুতীয়াৰ  পৰিয়ালবৰ্ষই উৎফুল্লিত হৈ পৰিছে ৷

ধেমাজি