/asomiyapratidin/media/media_files/2024/11/22/oOod8NjzaM0BIHugiqsC.jpg)
বীৰ লাচিত বৰফুকন।প্ৰতিজন অসমীয়াৰ এটা অতি পৰিচিত আৰু আপোন নাম।লাচিত বৰফুকন আছিল আহোমৰ নৱমজন বৰফুকন (ফু-কন লুং)। এইজন মহান বীৰে শৰাইঘাটৰ যুদ্ধত আহোম সেনাক প্ৰতিনিধিত্ব কৰি মোগলৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিছিল।এই যুঁজত আহোম সেনাই মোগলক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।শৰাইঘাট যুদ্ধত লাচিতে দেখুওৱা বীৰত্বৰ বাবে বীৰ লাচিত বৰফুকনৰ নাম অসমৰ বুৰঞ্জীত সোণালী আখৰৰে জিলিকি আছে।
লাচিত বৰফুকনৰ জন্ম শিৱসাগৰ জিলাৰ গড়গাঁৱৰ ওচৰত দিখৌ নৈৰ পাৰত হৈছিল। তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাঙ লা চেঙ আইদেউ। সাঁচিপাতৰ ৰাজবুৰঞ্জীত মোমাই তামুলী বৰবৰুৱাৰ নাম লান ফিমা বৰবৰুৱা বুলি উল্লেখ আছে।
তেওঁলোকৰ পূৰ্বপুৰুষ লুক ফিমা নামৰ ব্যক্তিজন ১২২৮ খ্ৰীষ্টাব্দত চাওলুঙ চৌকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাৰ হৈ অসমলৈ আহিছিল।সেইকাৰণে তেওঁলোকৰ ফৈদ বা বংশটোক লান ফিমা বুলি জনা যায়। চাওফা চুডাংফাৰ সময়ত তাওচুলাই কোঁৱৰে চাওফাৰ বিৰুদ্ধে কৰা বিদ্ৰোহত এই লান ফিমা ফৈদৰ থাউমুঙ তামৰা নামৰ এজন বিষয়াই সহযোগ কৰা বাবে তামৰাৰ ভাতৃ ফু-কে ফিমাক লুক-খা-খুন খেললৈ পৰিবৰ্তন কৰা হৈছিল।স্বৰ্গদেউ প্ৰতাপ সিংহই এই ফু-কে ফিমাৰ নাতি লান টাই লুঙ তামুলীৰ পুত্ৰ ত্যিৰিঙ ফিচেঙ ওৰফে মোমাই তামুলীক বৰবৰুৱা পাতিছিল। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰসকল হ'ল লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন(লান ৰণ কপ), মৰঙ্গী বৰবৰুৱা(লান ব লিন), লাও ডেকা, দন্তকাড়ী। তেওঁৰ জীয়ৰীৰ নাম পাখৰী গাভৰু বা পাহী গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ আছিল বাদুলী ৰজাশহুৰ বৰফুকন। তেওঁৰ পুত্ৰ বাদুলী ডেকাফুকন। শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি তেওঁলোকৰ পৰিয়ালটোক লুক খা খুন খেলপৰা পুনৰ পূৰ্বৰ মৰ্যদালৈ নিছিল।
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল।তেওঁৰ কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ সকলোৰে বাবে আদৰ্শ আছিল। আহোমসকলৰ এটা ফৈদ হ’ল লান ফিমা বংশ।লাচিত এই ফৈদৰে আছিল। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।বীৰ লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত পৰে।তাৰ পিচতেই লাচিতক বৰফুকনৰ দায়িত্বক দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল।এদিন লাচিতক স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হৈছিল। স্বৰ্গদেওৰ সন্মুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। স্বৰ্গদেওয়ে এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল।ইয়াতেই প্ৰমাণ হয় যে লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী।
বীৰ লাচিতে মাতৃভূমিৰ ৰক্ষাৰ স্বাৰ্থত নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল।শৰাইঘাটৰ যুদ্ধত মোগলৰ বৃহৎ সৈন্যক ভেটা দিবৰ বাবে শৰাইঘাটত আহােমে গড় বান্ধিব লগীয়া হৈছিল। লাচিতে এই গড় বন্ধাৰ কামৰ দায়িত্ব মোমায়েকক অৰ্পণ কৰিছিল। কিন্তু গড়ৰ কাম চাবলৈ গৈ লাচিতে দেখিলে যে সকলো বনুৱাই কাম এৰি শুই পৰিছে।এই গড়ৰ কাম চাৰিভাগৰ তিনি ভাগ তেতিয়াও বাকী।মোমায়েকৰ এনে দায়িত্বহীন কৰ্মত লাচিতৰ বহুত খং উঠিল আৰু তেওঁ উত্তেজনাত কঁপিবলৈ ধৰে।ইয়াৰ পাছতে তেওঁ খাপৰ পৰা হেংদাংখন উলিয়াই বজ্ৰকণ্ঠেৰে দেশতকৈ মোমাই ডাঙৰ নহৈ বুলি কৈ মোমায়েকৰ ডিঙি কাটি পেলাইছিল।
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, ‘অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।’ কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদাম নিৰ্মাণ কৰে।
লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়।
বীৰ সেনা লাচিত বৰফুকনৰ বিশেষ ১০ টা তথ্য-
১)লাচিত বৰফুকনৰ প্ৰকৃত নাম আছিল লাচিত ডেকা।
২)লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰা আহোমৰ সেনাপতি আছিল।সেয়ে খুব কম বয়সৰ পৰাই তেওঁ সামৰিক শিক্ষা লাভ কৰিব পাৰিছিল।
৩)কৰ্মস্পৃহা তথা সাহসেই আছিল লাচিত বৰফুকনৰ উত্থানৰ মূল কাৰণ।
৪) ‘বৰফুনক’ আহোম সামাজ্যৰ এটা উপাধিহে, তেওঁ এই উপাধি লাভ কৰিহে ‘লাচিত বৰফুকন’ হৈছিল।
৫)কামত গাফিলতি কৰাৰ বাবে লাচিত বৰফুকনে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিছিল।তেওঁ কৈছিল- “দেশতকৈ মোমাই ডাঙৰ নহয়।”
৬)মোগল সেনাৰ নৌ-বাহিনী দুৰ্বল আছিল।এই বিষয়ে জ্ঞাত আছিল লাচিত বৰফুকন।যাৰ পূৰ্ণ সুযোগ লৈহে লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনা শৰাইঘাট যুদ্ধত জয়ী হৈছিল।
৭)মোগলৰ লগত অকলে যুজিবলৈও সাজু আছিল লাচিত বৰফুকন।
৮)লাচিত বৰফুকনৰ ত্যাগক সন্মান জনাই ১৯৯৯চনৰ পৰা ‘নেশ্যনেল ডিফেঞ্চ একাডেমী’য়ে একাডেমীৰ শ্ৰেষ্ঠ ‘কেডেট’ক ‘লাচিত বৰফুকন গল্ড মেডেল’ৰে সন্মানিত কৰি আহিছে।
৯) বেমাৰী দেহাৰেই লাচিত বৰফুকনে শৰাইঘাট যুদ্ধত মোগল সেনানিৰ সৈতে যুজঁ দিছিল।
১০) শৰাইঘাটৰ যুদ্ধৰ সময়ত হোৱা অতিপাত জ্বৰেই পিছলৈ লাচিত বৰফুকনৰ প্ৰাণ কাঢ়িছিল।
উৎস : ইণ্টাৰনেট
Also Read: Sivasagar : শিৱসাগৰ