হিমা দাসৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ জুবিনৰ

হিমা দাসৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ জুবিনৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাছিয়াৰ বাটাৰ বিতৰ্কৰ পিছত হিমা দাসক বিফ খাবলৈ পৰামৰ্শ দি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছিল জুবিন গাৰ্গ। বিগত কিছুদিন ধৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কোনো বিতৰ্ক সৃষ্টিকাৰী ভাষ্য প্ৰদান কৰা নাছিল যদিও শেহতীয়াকৈ কৰা এক মন্তব্যক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ এক কাৰ্যসূচীত অংশ লৈ হিমা দাসক খাদ্য বিষয়ক পৰামৰ্শ প্ৰদান কৰা জুবিন গাৰ্গে দেওবাৰে নিশা আগবঢ়ায় ৰাজনৈতিক পৰামৰ্শ। শিল্পীগৰাকীয়ে এই ৰাজনৈতিক পৰামৰ্শ আগবঢ়ায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

শতাধিক দৰ্শক তথা অনুৰাগীৰ উপস্থিতিত জুবিনে কয় যে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত এজন নতুন বিধায়কক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। কোনজন বিধায়কক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে সেই কথাও মুখ্যমন্ত্ৰী সোণোৱালক নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ মঞ্চৰ পৰা ঠিক কৰি দিয়ে জুবিনে। বিধায়কজনক কি বিভাগৰ দায়িত্ব দিয়া উচিত সেই কথাও উল্লেখ কৰে শিল্পীগৰাকীয়ে।

'বেলেগ বিভাগৰ কথা নাজানো। মই সংস্কৃতিৰ লগত জড়িত মানুহ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সেয়ে এই বিভাগটোৰ কথা কৈছো। এই বিভাগটোত এজন ভাল নতুন মানুহ লাগে। ভাল মানুহ মই বিচাৰি দিছো। আমাৰ ৰূপক শৰ্মাক দিব লাগে এই দায়িত্ব। ৰূপকক মই জানো। ৰূপকে সংস্কৃতি চিনি পায়, বুজি পায়। সংস্কৃতি কি সেয়া জনা মানুহক মন্ত্ৰীত্ব দিলেহে বিভাগটো ভাল হ'ব।'-এইদৰে কয় জুবিনে।

উল্লেখ্য যে সেই সময়ত মঞ্চত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত আছিল। সেই সময়তে জুবিন গাৰ্গে কৰা এই মন্তব্যত অপ্ৰস্তুত হৈ পৰিলেও হাঁহি এটিৰে পৰিস্থিতি চম্ভালি লয় স্থানীয় বিধায়কজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in