/asomiyapratidin/media/media_files/2025/10/25/ikkddd-2025-10-25-18-07-22.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁওঃ অসমৰ প্ৰথমখন জুবিন গাৰ্গ বিদ্যালয়ৰ শুভাৰম্ভ হ'ল নগাওঁ জিলাৰ উৰিয়াগাঁৱত। ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ মুকলিৰ পাছতে উৰিয়াগাঁৱত ২৫অক্টোবৰত মুকলি হ'ল জুবিন গাৰ্গ বিদ্যালয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত পৰিষদৰ প্ৰাক্তন সৰ্তীথ তথা অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত এখনি জুবিন গাৰ্গ সংগীত বিদ্যালয়ৰ শুভাৰম্ভণি হয়। পৰিষদৰ পতাকা উত্তোলন কাৰ্য্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে উৰিয়াগাওঁ আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰাই , শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/25/06029b89-d768-4785-abf3-0e7486e49cb7-2025-10-25-17-46-39.jpg)
তাৰপাছত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম তথা নগাঁৱৰ বিশিষ্ট সংগীত শিল্পী কৃষ্ণমণি নাথ ডাঙৰীয়াই । জুবিন গাৰ্গ সোঁৱৰণী সংগীত বিদ্যালয়ৰ অসমৰ বিশিষ্ট সংগীত শিল্পী জে পি দাস ডাঙৰীয়াই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰে। সহযোগ কৰে জুবিন গাৰ্গৰ ৩৮০০০ হাজাৰ গীতৰ সংগ্ৰহকাৰী বিশাল কলিতা আৰু নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু সংগীত শিল্পী কৃষ্ণমণি নাথ ডাঙৰীয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/25/f9a0481a-f028-4c8c-9524-b7237de30091-2025-10-25-17-46-49.jpg)
জে পি দাসে কয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথমখন জুবিন গাৰ্গৰ সোঁৱৰণত সংগীত বিদ্যালয়ৰ শুভাৰম্ভণী কৰে আৰু তেখেতও উক্ত বিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ সংগীতৰ প্ৰশিক্ষণ আগবঢ়াব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/25/5a8c3899-c140-450e-881a-36c9d05157a8-2025-10-25-17-46-59.jpg)
ৰূপক শৰ্মাই কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ ভিতৰতে যি জুবিন গাৰ্গৰ সোঁৱৰণত সংগীত বিদ্যালয় খন শুভাৰম্ভণি কৰিলে তাৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিদ্যালয়খনৰ বাবে তেখেতৰ সদায় সহযোগ থাকিব ।
অনুষ্ঠানৰ কণ্ঠ শিল্পী কৃষ্ণমণি নাথে জনকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাৰে স্মৰণ কৰি ভাষণ প্ৰসংগত যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গ সংগীত বিদ্যালয় স্থাপন কৰা প্ৰচেষ্টাক শলাগ লয়। অনুষ্ঠানত শিশু শিল্পী সকলে গায়ন বায়ন,বিহুগীত পৰিবেশন আৰু বিশিষ্ট কন্ঠ শিল্পী জে.পি দাস,হিমাশ্ৰী দাস আৰু বিশাল কলিতাই গীত পৰিবেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/25/cbc191e7-7be0-4978-8a57-88a91a3954f4-2025-10-25-17-47-09.jpg)
উক্ত অনুষ্ঠানত জে পি দাসেও গীত পৰিৱেশন কৰে আৰু অনুষ্ঠানত উপস্থিত থাকে শ্ৰী নম্ৰতা বৰা (সাংস্কৃতিক উন্নয়ন বিষয়া নগাঁও জিলা) ,শ্ৰী সুৰজ কলিতা,শ্ৰী প্ৰাগজ্যোতিষ বনিয়া সহকাৰী সাধাৰণ সম্পাদক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি শ্ৰী প্ৰবাল শৰ্মা সভাপতি অ:জা:যু:ছা:প: নগাঁও জিলা, শ্ৰী কৃষ্ণ দুলাল বৰুৱা,আৰিফুল হক,বৰণ বিকাশ, শ্ৰী ৰঞ্জিত বৰা ,শ্ৰী গুণ দাস,শ্ৰী প্ৰদীপ বৰা,শ্ৰী সন্তোষ কলিতা, শ্ৰী নাৰায়ণ চন্দ্ৰ বনিয়া,শ্ৰী কেশৱ গগৈ, শ্ৰী চন্দ্ৰ শইকীয়া,শ্ৰী চুণিধৰ বৰা,দেৱেন বৰা,গোপাল বৰা,জয়ন্ত বৰা,ৰাণু বৰা , পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ ৱাহিদুৰ ৰহমান ,নৱাৰুণ বৰা, সঞ্জয়িতা বনিয়া,বন্দিতা বনিয়া,কাজল বৰা ,শিশিৰ শইকীয়া, কৌশিক শইকীয়া,প্ৰণামিকা বৰা আৰু গণ্য মান্য ব্যক্তিসকল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/25/b4dac1c5-16b3-4603-b358-d3b803b64d86-2025-10-25-17-47-19.jpg)
অনুষ্ঠানৰ সাংবাদিকৰে হোৱা কথা বতৰাত শিল্পী জে. পি দাসে লগতে কয় যে - অইনে বিচৰাৰ ধৰণে মইও জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰো।জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এছ.অ.পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংঙ্গীত শিল্পী জে.পি দাসে কয়-জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত s.o.p কৰিব নালাগে।জুবিন জুবিনেই।জুবিন নিজেই এটা এছ,অ' পি।কোনে শিল্পীৰ কাৰণে এছ.অ'.পি জাৰি কৰিব নালাগে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us