জুবিন ক্ষেত্ৰত প্ৰবাসী অসমীয়াই শ্ৰদ্ধা জনালে প্ৰাণৰ শিল্পীক

জুবিন গাৰ্গৰ সৈতে থকা বহু স্মৃতি সাঁচি ৰাখিলে প্ৰবাসী অসমীয়া পৰিয়ালটোৱে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সৈতে আত্মিক সম্পৰ্ক থকা আমেৰিকাৰ এটা প্ৰবাসী অসমীয়া পৰিয়াল। সুদূৰ আমেৰিকাৰ পৰা আহি জুবিন অনুৰাগী প্ৰবাসী অসমীয়া পৰিয়ালটো উপস্থিত হ'লহি জুবিন ক্ষেত্ৰত। প্ৰবাসী অসমীয়া পৰিয়ালটিয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি জুবিনৰ সমাধিত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

ব্যৱসায়িক সূত্ৰে আমেৰিকাত থকা প্ৰবাসী অসমীয়া পৰিয়াল কৃষ্ণ হাজৰিকা লগতে তেখেতৰ পত্নী অঞ্জনা বৰদলৈ তথা একমাত্ৰ পুত্ৰ সন্তান অশ্বিন হাজৰিকাৰ সৈতে জুবিন গাৰ্গৰ সম্বন্ধ অতি আপোন আছিল। জুবিনে যেতিয়াই আমেৰিকালৈ  গৈছিল তেতিয়াই হাজৰিকা পৰিয়ালটোৰ সৈতে থকা খোৱা ফুৰা চকা কৰিছিল। সেই সকলোবোৰ এতিয়া মাথোঁ এক স্মৃতি। ইপিনে অশ্বিন হাজৰিকাক জুবিন গাৰ্গে ভায়লিনত মায়াবিনী গীতটিৰ সুৰ তুলিবলৈ শিকাইছিল। লগতে অশ্বিন হাজৰিকাই জুবিনক মামা বুলি সম্বোধন কৰিছিল। 

WhatsApp Image 2026-01-18 at 8.51.51 AM

প্ৰণিধানযোগ্য় যে,  অশ্বিন হাজৰিকাই জুবিন ক্ষেত্ৰত উপস্থিত হৈ মন্তব্য কৰা পৰিলক্ষিত হয়। তেওঁ কয় জুবিন মামা " শীৰ্ষক গীত এটি প্ৰস্তুত কৰি উলিয়াইছে। লগতে উল্লেখ কৰে এই গীতটোৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ কিছু দৃশ্য গ্ৰহণ কৰিছে তেওঁলোকে।

WhatsApp Image 2026-01-18 at 8.51.53 AM

ইপিনে জুবিন ক্ষেত্ৰত উপস্থিত হোৱা হাজৰিকা পৰিয়ালটিক আৰম্ভণিৰে পৰা সম্পূৰ্ণভাৱে সংগ দিয়ে শিল্পী অজয় ফুকনে।  শিল্পী দিৱস উপলক্ষে সৃষ্টি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে জুবিন ক্ষেত্ৰত জুবিনৰ ছবি আঁকে লগতে ভায়লিন বাদক মানৱ অধিকাৰীয়ে ভায়লিনত মায়াবিনী গীতটি পৰিৱেশন কৰে। আনহাতে আন্ত: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই সোণাপুৰস্থিত ডিমৰীয়া ভৱনত শিল্পী দিৱসো উদযাপন কৰে। ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু জ্যোতি সংগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰে।

সোণাপুৰ জুবিন গাৰ্গ জুবিন