সিদ্ধাৰ্থ -শেখৰৰ হাইপ্ৰফাইল অধিবক্তা! শ্যামকানুৰ অধিবক্তাই প্ৰথমেই কৰিলে এই কাম...

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডক লৈ ৰাজ্য তথা দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই ঘটনাৰ মূল অভিযুক্ত শ্যামকানু, শেখৰ আৰু সিদ্ধাৰ্থে আইনী যুঁজৰ বাবে লাভ কৰিছে অধিবক্তা। 

author-image
Asomiya Pratidin
New Update
a550e42c-14ca-4523-88e1-ce176fe7abe5

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডক লৈ ৰাজ্য তথা দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই ঘটনাৰ মূল অভিযুক্ত শ্যামকানু, শেখৰ আৰু সিদ্ধাৰ্থে আইনী যুঁজৰ বাবে লাভ কৰিছে অধিবক্তা। 

এই তিনিওগৰাকী অভিযুক্তৰ অধিবক্তাই ইতিমধ্যে আদালতত আবেদন দাখিল কৰিছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আইনী যুঁজত সহায় কৰিব উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰই। শ্যামকানু মহন্তৰ হৈ যুঁজ দিব কলকাতাৰ অধিবক্তা ৰাজদ্বীপ বেনাৰ্জীয়ে। আনফালে শেখৰৰ হৈ উকালতি কৰিব অধিবক্তা এছ. কলিতাই।

উল্লেখ কৰা প্ৰয়োজন যে, ৩জানুৱাৰী, ২০২৫ত জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ দ্বিতীয়টো শুনানি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত অহা ১৭জানুৱাৰীত ধাৰ্য কৰা হৈছে পৰৱৰ্তী শুনানিৰ দিন। এই দিনটোত শেখৰ, সিদ্ধাৰ্থ আৰু শ্যামকানুৰ জামিনৰ বাবে আদালতত আবেদন কৰিব তেওঁলোকৰ অধিবক্তাই। 

আনফালে দায়িত্ব লৈয়েই শ্যামকানু অধিবক্তাই আৰম্ভ কৰিছে নিজৰ কাম। ৩জানুৱাৰীত আদালতত এক বিশেষ আবেদন দাখিল কৰিছে অধিবক্তাগৰাকীয়ে। এই আবেদনত শ্যামকানুৰ জব্দকৃত একাউন্টৰ ধন মুকলাই দিবলৈ আহ্বান জনোৱা হৈছে। 

ইফালে ৩জানুৱাৰী, ২০২৫ত অমৃতপ্ৰভা মহন্তৰ হৈ আজি জামিন আবেদন দাখিল কৰিছিল অভিযুক্তগৰাকীৰ অধিবক্তা আনন কুমাৰ ভূঞাই।  অৱশ্যে আদালতে নাকচ কৰে অমৃতপ্রভাৰ জামিন আবেদন। লগতে অমৃতপ্ৰভা মহন্তৰ আজি চাৰ্জফ্ৰেমৰ শুনানিও সম্পন্ন হয়। 

জুবিন গাৰ্গ জুবিন